আঞ্চলিক যুদ্ধবিৰতিৰ এক গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে শুকুৰবাৰে পাকিস্তানত উপস্থিত হয় ইৰাণৰ এক উচ্চস্তৰীয় সঁজাতী দল। ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীৰ নেতৃত্বত অহা এই দলটোৱে বিমান যাত্ৰাৰ সময়ত গ্ৰহণ কৰে এক ব্যতিক্ৰমী তথা আৱেগিক পদক্ষেপ। মিনাব স্কুলত হোৱা বিমান আক্ৰমণত নিহত কণ কণ শিশুসকলৰ আলোকচিত্ৰ আৰু গোলাপ ফুল আসনত ৰাখি তেওঁলোকে এই যাত্ৰাক এক মৌন প্ৰতিবাদলৈ ৰূপান্তৰিত কৰে।
সংসদৰ অধ্যক্ষ গালিবাফে ছচিয়েল মিডিয়াত এই যাত্ৰাৰ আলোকচিত্ৰ শ্বেয়াৰ কৰি নিহত শিশুসকলক নিজৰ ‘যাত্ৰাসংগী’ বুলি অভিহিত কৰে। আলোকচিত্ৰসমূহত তেওঁক শিশুসকলৰ ব্যক্তিগত সামগ্ৰী আৰু ফটোসমূহ গভীৰ দুখেৰে নিৰীক্ষণ কৰা দেখা গৈছে। ইছলামবাদ বিমানবন্দৰত তেওঁলোকক আদৰণি জনায় পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দৰ, নেচনেল এচেম্বলীৰ অধ্যক্ষ চৰ্দাৰ আয়াজ চাদিক আৰু সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছীম মুনিৰে।
শান্তি আলোচনাৰ বাবে উপস্থিত হ’লেও ইৰাণে ইয়াৰ পূৰ্বচৰ্তসমূহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আলোচনাৰ প্ৰাকমুহূৰ্তত গালিবাফে আমেৰিকাৰ সৈতে হোৱা অতীতৰ চুক্তিসমূহ বিফল হোৱাৰ কথা দোহাৰে। তেওঁ স্পষ্টকৈ কয় যে তেহৰাণৰ সদিচ্ছা থাকিলেও আমেৰিকাৰ ওপৰত তেওঁলোকৰ কোনো বিশ্বাস নাই। এই গুৰুত্বপূৰ্ণ বৈঠকত ইৰাণে ফ্ৰীজ হৈ থকা সম্পত্তিৰ মুকলি আৰু আঞ্চলিক নিৰাপত্তাৰ নিশ্চিতিৰ দৰে বিষয়সমূহ উত্থাপন কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ‘অপাৰেচন এপিক ফিউৰী’ৰ প্ৰথম দিনাই মিনাবৰ এখন প্ৰাথমিক বিদ্যালয়ত হোৱা বিমান আক্ৰমণত কমেও ১৬৫ জন লোক নিহত হৈছিল। ইৰাণে এই আক্ৰমণৰ বাবে আমেৰিকাক পোনপটীয়াকৈ দোষাৰোপ কৰি আহিছে। যদিও আমেৰিকাই ইয়াক লক্ষ্যভ্ৰষ্ট আক্ৰমণ বুলি কৈছে, ইৰাণৰ মতে ই এক সুপৰিকল্পিত আক্ৰমণ আছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই আলোচনাৰ ফলাফলৰ ওপৰতে আঞ্চলিক শান্তি নিৰ্ভৰ কৰিছে বুলি মন্তব্য কৰাৰ সময়তে ইৰাণৰ এই প্ৰতিবাদী পদক্ষেপে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে।
