জন্মদিনৰ দিনাই দেশবাসীক এক অনন্য উপহাৰ প্ৰদান কৰিলে বিশ্বজয়ী বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হৈ থকা এচিয়ান গেমছত আজি নিজৰ ২৯ সংখ্যক জন্মদিনটোত চীনৰ জিয়ি বাঅ’ৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি ওজন শাখাৰ ফাইনেলত ৰিঙত নামি ঐতিহাসিক স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অসমৰ লৌহকন্যাই। কিংবদন্তি মেৰী কমৰ পিছত এচিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰা দেশৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ হিচাপে নিজৰ নাম খোদিত কৰিলে লাভলীনাই।
সোণৰ পদকৰ লক্ষ্যৰে ৰিঙত নামি প্ৰথম ৰাউণ্ডৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে লাভলীনাই আৰু প্ৰথম ৰাউণ্ড ৩-২ ব্যৱধানত নিজৰ দখললৈ আনে। দ্বিতীয় ৰাউণ্ডত বিপক্ষৰ চীনা বক্সাৰগৰাকীয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাই অসম কন্যাগৰাকীক কিছু ৰক্ষণাত্মক হ’বলৈ বাধ্য কৰায় যদিও লাভলীনাই চৰম ধৈৰ্য আৰু নিয়ন্ত্ৰণ বজাই ৰাখি দ্বিতীয় ৰাউণ্ড ৪-১ ব্যৱধানত জয় কৰে। অন্তিম তথা তৃতীয় ৰাউণ্ডতো এই ছন্দ অব্যাহত ৰাখি পুনৰ ৪-১ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ লগতে সৰ্বমুঠ ৫-০ৰ স্পষ্ট ব্যৱধানত মেচখন নিজৰ হাতলৈ আনি স্বৰ্ণ পদক নিশ্চিত কৰে।
উল্লেখ্য যে, ফাইনেললৈ যোৱাৰ পূৰ্বে ছেমিফাইনেলত কাজাখাস্তানৰ ৭০ কেজি শাখাৰ বৰ্তমানৰ বিশ্ব চেম্পিয়ন নাটালিয়া বগডানোভাক এক কঠিন যুঁজত পৰাস্ত কৰিছিল অসমৰ বক্সাৰগৰাকীয়ে। লাভলীনাৰ এই স্বৰ্ণ পদক জয়ৰ লগে লগে চলিত এচিয়ান গেমছত ভাৰতীয় বক্সিং দলটোৱেও এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে। ইতিমধ্যে ভাৰতীয় বক্সিং দলে ৬টা পদক নিজৰ দখললৈ আনি ২০২৩ চনৰ ৪টা পদকৰ (এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জ) অভিলেখ ভংগ কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।
