পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বেৰেটোৱে ‘মিছ ইউনিভাৰ্ছ ২০২৬’ ৰ খিতাপ জয় কৰি এক নতুন ইতিহাস ৰচিছে। আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাখনৰ নিয়মৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ পাছত এই সন্মানীয় খিতাপ অৰ্জন কৰা তেৱেঁই হৈছে প্ৰথমগৰাকী বিবাহিতা মহিলা আৰু এগৰাকী মাতৃ। ১১৬ খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি জেনিফাৰ বেৰেটোৱে এই মুকুট পিন্ধে। প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত ভেনিজুৱেলাৰ ক্লাৰা গোৱেটজ আৰু ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজেও স্থান লাভ কৰে। আনহাতে, ভাৰতক প্ৰতিনিধিত্ব কৰা কেৰালাৰ ১৯ বছৰীয়া আইনৰ ছাত্ৰী কাজিয়া লিজ মেজোৱে শীৰ্ষ ১২ ত স্থান লাভ কৰাত ব্যৰ্থ হোৱাত ভাৰতৰ আশা নিৰ্বাপিত হয়। মিছ ইউনিভাৰ্ছৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাত বিজয়ীগৰাকীৰ নাম ঘোষণা কৰি লিখা হৈছে, “বিশ্বব্ৰহ্মাণ্ডই ইয়াৰ নতুন ৰাণী, পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বেৰেটোক স্বাগতম জনাইছে!” কেৰালাৰ আইনৰ ছাত্ৰী কাজিয়া লিজ মেজোৱে ইভিনিং গাউন ৰাউণ্ডৰ পূৰ্বে পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁৰ যাত্ৰাৰ অন্ত পৰে। অৱশ্যে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰা কেৰালাৰ প্ৰথমগৰাকী মহিলা হিচাপে তেওঁৰ এই অংশগ্ৰহণ ৰাজ্যখনৰ বাবে বিশেষ আছিল।
মূলতঃ মাভেলিক্কাৰাৰ বাসিন্দা মেজো আবুধাবিত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান বেংগালুৰুত আইন অধ্যয়ন কৰাৰ লগতে মডেলিং কৰি আছে। আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাখনৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে পুৱেৰ্টো ৰিকোৰ ছান জুৱানস্থিত জোচে মিগুৱেল এগ্ৰেলট কলিজিয়ামত ইয়াৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হয়। বিদায়ী মিছ ইউনিভাৰ্ছ মেক্সিকোৰ ফাতিমা বছে জেনিফাৰ বেৰেটোক বিজয়ীৰ মুকুট পিন্ধাই দিয়ে। এই জয়ৰ লগে লগে বেৰেটো মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰা পুৱেৰ্টো ৰিকোৰ ষষ্ঠগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে দেশখনৰ হৈ মাৰিছল মালাৰেট (১৯৭০), ডেবোৰা কাৰ্থি-ডিউ (১৯৮৫), দায়ানাৰা টৰেছ (১৯৯৩), ডেনিছ কুইনোনেছ (২০০১) আৰু জুলেইকা ৰিভেৰাই (২০০৬) এই খিতাপ অৰ্জন কৰিছিল। উল্লেখ্য যে ২০০১ চনতো পুৱেৰ্টো ৰিকোতে অনুষ্ঠিত প্ৰতিযোগিতাত ঘৰুৱা প্ৰতিযোগী ডেনিছ কুইনোনেছে খিতাপ জয় কৰিছিল।
আনহাতে, ভাৰতে এতিয়ালৈকে তিনিবাৰ— ১৯৯৪ চনত সুস্মিতা সেন, ২০০০ চনত লাৰা দত্ত আৰু ২০২১ চনত হৰনাজ সান্ধুৰ জৰিয়তে মিছ ইউনিভাৰ্ছৰ মুকুট লাভ কৰিছে। ২৯ বছৰীয়া জেনিফাৰ বেৰেটো এই খিতাপ জয় কৰা প্ৰথমগৰাকী বিবাহিতা মহিলা আৰু এগৰাকী কন্যাসন্তানৰ মাতৃ। তেওঁৰ স্বামীৰ নাম ইয়ান কাৰ্লোছ বেৰেটো কাল্ডেৰন। তদুপৰি বেৰেটো মনোবিজ্ঞান আৰু ক্লিনিকেল ছ’চিয়েল ৱৰ্ক— এই দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।উল্লেখযোগ্য যে ২০২৩ চনত অনুষ্ঠিত ৭২ সংখ্যক সংস্কৰণলৈকে কেৱল অবিবাহিত মহিলাসকলকহে মিছ ইউনিভাৰ্ছত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল। ইয়াৰ পাছৰ বছৰত প্ৰতিযোগিতাখনৰ নিয়ম পুনৰ সংশোধন কৰি উচ্চ বয়সৰ সীমাও আঁতৰাই দিয়া হয়; ইয়াৰ পূৰ্বে কেৱল ১৮ ৰ পৰা ২৯ বছৰৰ ভিতৰৰ প্ৰতিযোগীয়েহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিছিল।
