দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰো ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । নতুনকৈ ক্ষমতালৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৬ মে’ত পুনৰ ঋণ ল’বলৈ সাজু হৈছে । এইবাৰ চৰকাৰখনে ৭৫০ কোটি টকাৰ ঋণ ল’ব । চৰকাৰী বণ্ড বন্ধকত থৈ ল’ব লগা এই ঋণৰ বাবদ চৰকাৰে বছৰি শতকৰা ৭.৬২ শতাংশ হাৰত সুত আদায় দিব লাগিব ।
লক্ষণীয় বিষয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কেৱল চলিত বৰ্ষতে বৰ্তমানলৈকে ১১,৮০০ কোটি টকাৰ ঋণ লৈছে । আনকি যোৱা ১২ মে’ত নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ দিনাখনেই এহাজাৰ কোটি টকাৰ ঋণ লৈছিল । ইয়াৰ পিছত ২৬ মে’ত ল’বলগা ৭৫০ কোটি টকাৰ ঋণ হ’ব নৱনিৰ্বাচিত চৰকাৰখনৰ কাৰ্যকালত লোৱা দ্বিতীয়টো ঋণ ।
