আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন। সদনত মূল্যবৃদ্ধিক লৈ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ পৰিলক্ষিত হয়।মন্ত্ৰী হাজৰিকাই দেশত কিয় মূল্যবৃদ্ধি হৈছে সেই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ সময়তে উত্তপ্ত হৈ পৰে সদন। সদনৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধিৰ কাৰণ হ’ল ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে তেলৰ দাম বাঢ়িছে তাৰ বাবে হৈছে।’ সেই সময়তে অখিল গগৈয়ে প্ৰশ্ন কৰে যে- ‘লগতে ছিণ্ডিকেট হৈছে নে নাই?’সেই সময়তে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অখিল গগৈক বাধা দি কয় যে- ‘এগৰাকী বিধায়কে কথা কৈ থকা সময়ত আপুনি মাজতে একো নক’ব। আপোনাক ক’বলৈ সময় দিয়াৰ সময়ত আপুনি ক’ব পাৰিব।’
