নিৰ্বাচিত পৰাজয়ৰ বাবে এক নতুন অজুহাত এতিয়া বিচাৰি ফুৰিছে কংগ্ৰেছে। দেওবাৰে ডিফু ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলে ইতিমধ্যে নিজৰ বিপৰ্যয়ৰ ভূমি প্ৰস্তুত কৰিছে বুলি দাবী কৰি তেওঁ কয় যে পৰাজয়ৰ বোজা জাপি দিবলৈকে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অসমৰ নিৰ্বাচনী পথাৰত নমাই দিয়া হৈছে।
কংগ্ৰেছ নেতৃত্বক অসমীয়াৰ আৱেগক আঘাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয়, “খাৰ্গে পৰিয়ালৰ পিতৃ-পুত্ৰই অসমক অপমান কৰিছে।” দলটোৰ নিৰ্বাচনী ৰণনীতিয়ে তেওঁলোকৰ দুৰ্বলতাকহে প্ৰতিফলিত কৰিছে বুলিও তেওঁ কটাক্ষ কৰে। বিশেষকৈ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বিৰোধিতা কৰা লোকক তাৰকা প্ৰচাৰক হিচাপে অনা কাৰ্যক লৈ তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
কংগ্ৰেছক ‘আত্মঘাতী’ দল আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “কংগ্ৰেছে নিজেই নিজৰ অনিষ্ট সাধন কৰিছে। যিসকল লোকে ভূপেন হাজৰিকাৰ ভাৰতৰত্নৰ বিৰোধিতা কৰিছিল, তেওঁলোকক তাৰকা প্ৰচাৰক হিচাপে আনি আপোনালোকে কি প্ৰমাণ কৰিব বিচাৰিছে? এয়া কংগ্ৰেছৰ বাবে এক আত্মঘাতী অভিযানৰ বাহিৰে আন একো নহয়।”
নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা এই সময়ত মুখ্যমন্ত্ৰীৰ এনে আক্ৰমণাত্মক স্থিতিৰ পিছত ৰাজ্যৰ ৰাজনীতি এতিয়া অধিক উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছৰ এই নিৰ্বাচনী কৌশলক অসমৰ ৰাইজে কেনেদৰে গ্ৰহণ কৰিব, সেয়া অনাগত দিনতহে স্পষ্ট হ’ব।
