মণিপুৰত এক বৃহৎ কূটাঘাতৰ ষড়যন্ত্ৰ ওফৰাই যোৱা এসপ্তাহৰ ভিতৰত অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ১৭ জনকৈ দুৰ্ধৰ্ষ বিদ্ৰোহীক। যোৱা ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলোৱা ধাৰাবাহিক অভিযানত নিষিদ্ধ ঘোষিত সংগঠনৰ এই কেডাৰকেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নিৰাপত্তাবাহিনী। গোপন সূত্ৰৰ পম খেদি মণিপুৰ আৰক্ষী আৰু স্পেচিয়েল কমাণ্ডোৰ সহযোগত চলোৱা এই যুটীয়া অভিযানে এতিয়া বিদ্ৰোহীৰ শিবিৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
ধৃত বিদ্ৰোহীসকল কেইবাটাও নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ক্ৰমে কেৱাইকেএল, প্ৰিপাক, কেচিপি আৰু পিএলএ-ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অসম ৰাইফলছে সোমবাৰে এক্সযোগে কয়, “টেংনৌপালত প্ৰিপাকৰ ১০ জন কেডাৰে চলাব খোজা এক বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা নিৰাপত্তাবাহিনীয়ে ব্যৰ্থ কৰিছে।”
কেৱল বিদ্ৰোহী আটক কৰাই নহয়, চান্দেল জিলাত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাবাহিনী। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ৬ টাকৈ পিষ্টল, এটা ৰাইফল, কেইবাটাও মেগজিন আৰু উন্নতমানৰ যোগাযোগ সঁজুলি। ইয়াৰ উপৰিও নিৰাপত্তাবাহিনীয়ে ১৫ টাকৈ শক্তিশালী আইইডি উদ্ধাৰ কৰি সেই স্থানতে নিষ্ক্ৰিয় কৰি এক ভয়াবহ বিপদৰ পৰা অঞ্চলটোক ৰক্ষা কৰে।
অসম ৰাইফলছে জানিবলৈ দিয়া মতে, আটক কৰা প্ৰতিজন বিদ্ৰোহীৰ লগতে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহ পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হৈছে। অঞ্চলটোত শান্তি আৰু সুৰক্ষা অক্ষুণ্ণ ৰাখিবলৈ নিৰাপত্তাবাহিনীয়ে এতিয়া অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
