ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ মাজতেই মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে নজিৰবিহীনভাৱে সৰৱ হৈ উঠিল কংগ্ৰেছ। শনিবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ সাংসদ সুখদেৱ ভগতে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবিধান উলংঘা কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ হৈ কাম কৰাৰ গুৰুতৰ অভিযোগ তোলে। আয়ুক্তগৰাকীৰ পদমৰ্যাদা আৰু তেওঁ কৰা ভুলৰ গভীৰতালৈ চাই তেওঁক ব্ৰিটিছ যুগৰ কুখ্যাত ‘কালাপানী’ৰ দৰে চৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাটোৱেই সৰ্বাধিক উচিত পদক্ষেপ হ’ব বুলি বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে।
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক প্ৰশ্নৰ কাঠগড়াত তুলি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা নিৰ্বাচনী তন্ত্ৰটো সম্পূৰ্ণ পক্ষপাতহীন হোৱাটো সাংবিধানিক নিয়ম। কিন্তু যেতিয়া এই ব্যৱস্থাই এটা বিশেষ দল বা চৰকাৰৰ স্বাৰ্থত পক্ষপাতমূলকভাৱে কাম কৰিবলৈ লয়, তেতিয়া সেয়া পোনপটীয়াকৈ ভাৰতীয় সংবিধানৰ ওপৰত কৰা এক চৰম আঘাত হৈ পৰে।
কেন্দ্ৰীয় শাসকীয় দলক তীক্ষ্ণ কটাক্ষ কৰি সাংসদ সুখদেৱ ভগতে কয়, “মই কালি বিজেপিৰ ৰাজ্যিক প্ৰভাৰীসকলৰ তালিকাখন লক্ষ্য কৰিছিলোঁ। সেই তালিকাত মই জ্ঞানেশ কুমাৰৰ নামটো বিচাৰি ফুৰিছিলোঁ, কিন্তু আচৰিতভাৱে তাত তেওঁৰ নাম নাছিল।”
নিৰ্বাচনী বিষয়াগৰাকীৰ ওপৰত কঠোৰ শাস্তি জাপি দিয়াৰ পোষকতা কৰি সাংসদগৰাকীয়ে কয়, “যিয়েই নহওক কিয়, মোৰ স্পষ্ট বিশ্বাস যে এই অপৰাধৰ উপযুক্ত শাস্তি একমাত্ৰ ‘কালাপানী’হে হোৱা উচিত। তেওঁ যি উচ্চ সাংবিধানিক পদত অধিষ্ঠিত হৈ আছিল, সেই দায়িত্বৰ বিশালতা আৰু তেওঁ কৰা অনিয়মৰ গভীৰতালৈ চালে কালাপানীয়েই তেওঁৰ বাবে যথোচিত শাস্তি।”
এছআইআৰ প্ৰক্ৰিয়াৰ আধাৰত দেশজুৰি সৃষ্টি হোৱা নিৰ্বাচনী বিতৰ্কৰ মাজতে এজন জ্যেষ্ঠ সাংসদে মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে এনেদৰে কঠোৰ শাস্তি দাবী কৰা ঘটনাই ৰাজধানীৰ ৰাজনৈতিক মহলত এক নতুন ধুমুহাৰ সৃষ্টি কৰিছে।
