জু-জিৎসু এছচিয়েছন অৱ অসমে ‘মিছন দোহা ২০৩০’ নামৰ এক উচ্চাকাংক্ষী প্রকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে ২০৩০ চনত কাতাৰৰ দোহাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে অসমৰ সম্ভাৱনাময় জু-জিৎসু খেলুৱৈসকলক চিনাক্তকৰণ, প্রশিক্ষণ আৰু প্ৰস্তুত কৰা। এই প্ৰকল্পৰ সঠিক ৰূপায়ণ আৰু তদাৰকৰ বাবে গঠন কৰা মনিটৰিং কমিটিৰ অধ্যক্ষ হিচাপে বিধায়ক ঋতুবৰণ শৰ্মাক নির্বাচিত কৰা হয়। উল্লেখ্য যে ১৫ জুনৰ দিনা সন্ধিয়া তেজপৰত জু-জিৎসু এছচিয়েচন অৱ অসমৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা অনুষ্ঠিত হয়।
ঋতুবৰণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপ-সভাপতি মধুস্মিতা হাজৰিকা ডেকা, অমল ডেকা, প্ৰণৱ বৰুৱা, সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ শ্ব’ আৰু অন্যান্য কার্যনির্বাহক সদস্যসকল উপস্থিত থাকে। সভাৰ আৰম্ভণিতে কাৰ্যনিৰ্বাহক সমিতিয়ে বৰছলা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হোৱা জে জে এ এৰ সভাপতি ঋতুবৰণ শৰ্মাক উষ্ম সম্বর্ধনা জ্ঞাপন কৰে। সমিতিৰ সদস্যসকলে তেওঁৰ নেতৃত্বত অসমত জু-জিৎসু খেলৰ অধিক উন্নয়ন আৰু প্ৰসাৰৰ আশা প্রকাশ কৰে।ইয়াৰ লগতে জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা জু-জিৎসু খেলুৱৈ জুৰী ডি. ফুকন, হিমাংশু শইকীয়া, আর্যন শর্মা, অত্রেয়ী কাশ্যপ, লুইতি বৰুৱা আৰু তান্নাভ গগৈকো সম্বর্ধনা জ্ঞাপন কৰা হয়।
সভাত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ ২০২৬ আয়োজনৰ দায়িত্ব বৃহত্তৰ নগাঁও জিলা জু-জিৎসু এছচিয়েছনক প্ৰদান কৰা হয়। এই প্রতিযোগিতা অহা আগষ্ট মাহত অনুষ্ঠিত হ’ব আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ খেলুৱৈসকলৰ অংশগ্রহণেৰে প্রতিযোগিতাখন সফলভাবে অনুষ্ঠিত হ’ব বুলি আশা প্রকাশ কৰা হয়। সভাৰ অন্তত জু-জিৎসু খেলৰ সৰ্বাংগীণ উন্নয়ন আৰু ৰাজ্যখনত খেলখনৰ অধিক প্ৰসাৰৰ বাবে সকলো সদস্যই একত্ৰিতভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।
