ফিফা বিশ্বকাপ ২০২৬-ৰ নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাই আলজেৰিয়াক ৩-০ গ’লত পৰাস্ত কৰে। নিজৰ ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ অৱতীৰ্ণ হোৱা লিয়নেল মেছিৰ দুভৰিৰ যাদু এই খেলখনত দেখিবলৈ পোৱা যায়। মেছি এতিয়া বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে আটাইতকৈ বেছি গ’ল কৰা খেলুৱৈ হৈ পৰিছে। আলজেৰিয়াৰ বিৰুদ্ধে খেলা খেলখনত মেছিয়ে সুন্দৰ প্ৰদৰ্শন কৰি তিনিটা গ’ল কৰে। ইয়াৰ সৈতে মেছিয়ে ফিফা বিশ্বকাপত আটাইতকৈ বেছি গ’ল কৰাৰ ক্ষেত্ৰত জাৰ্মানীৰ প্ৰাক্তন খেলুৱৈ মিৰ’স্লাভ ক্ল’জৰ ৰেকৰ্ড স্পৰ্শ কৰে।
মেছি আৰু ক্ল’জ— দুয়োৰে নামত এতিয়া এই প্ৰতিযোগিতাত ১৬ টাকৈ গ’ল আছে। আলজেৰিয়াৰ বিৰুদ্ধে মেছিক সুন্দৰ ফৰ্মত দেখা যায় আৰু তেওঁ খেলখনৰ ১৭ সংখ্যক মিনিটত আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ’ল কৰে। ইয়াৰ পিছত দ্বিতীয় হাফতো মেছিৰ চমক দেখিবলৈ পোৱা যায়। খেলৰ ৬০ সংখ্যক মিনিটত মেছিয়ে ৰিবাউণ্ডত পোৱা সুযোগৰ সম্পূৰ্ণ লাভ উঠাই বলটো গ’ল প’ষ্টৰ ভিতৰলৈ পঠিয়াই দিয়ে।
খেলৰ ৭৬ সংখ্যক মিনিটত মেছিয়ে এই খেলখনত নিজৰ গ’লৰ হেট্ৰিক সম্পূৰ্ণ কৰে। তেওঁ বক্সৰ বাহিৰৰ পৰা পোৱা বলটো বাওঁ ভৰিৰে গ’ল প’ষ্টৰ ভিতৰলৈ পঠিয়াই দিয়ে। মেছিৰ সন্মুখত আলজেৰিয়াৰ ডিফেন্স একেবাৰেই দুৰ্বল প্ৰমাণিত হয়। মেছিয়ে নিজৰ কেৰিয়াৰত ৬১ সংখ্যক বাৰৰ বাবে এখন খেলত তিনিটা গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰে, আনহাতে আৰ্জেণ্টিনাৰ হৈ খেলোঁতে মেছিয়ে এইটো ১১ সংখ্যক হেট্ৰিক অৰ্জন কৰে।
