সীমান্তৰ সুৰক্ষা ব্যৱস্থাক অতিক্ৰম কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশৰ পথ মুকলি কৰি দিয়াৰ নামত দীৰ্ঘদিন ধৰি চলি আহিছিল এক বৃহৎ দালাল চক্ৰ। এই চক্ৰটোৰ জৰিয়তে বাংলাদেশী নাগৰিকক ভাৰতীয় ভূখণ্ডলৈ পাৰ কৰাই বছৰি প্ৰায় ১০০ কোটি টকাৰ অবৈধ বেহা চলোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আনিছে আৰক্ষীৰ জালত পৰা এজন দালালৰ স্বীকাৰোক্তিয়ে।
পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ স্বৰূপনগৰ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ হোৱা চিৰাজুল নামৰ এজন দালালৰ জেৰাত এই চক্ৰৰ বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে। সীমান্তৰ ওচৰৰ অঞ্চলত থাকি চিৰাজুলে দীৰ্ঘদিন ধৰি বাংলাদেশী নাগৰিকক ভাৰতলৈ প্ৰৱেশ কৰোৱাৰ কামত জড়িত আছিল বুলি তদন্তত প্ৰকাশ পাইছে।
ভাৰত-বাংলাদেশ সীমান্তৰ কাঁটাতাঁৰৰ সিপাৰৰ পৰা লোক পাৰ কৰাই আনিবলৈ উত্তৰ ২৪ পৰগণা জিলাৰ আমুদিয়া, পদ্মবিলা, হাকিমপুৰ, তাৱালি, কলসী আৰু দবিলা আদি অঞ্চলৰ বিভিন্ন গোপন পথ ব্যৱহাৰ কৰা হৈছিল। সোণাই আৰু ইছামতী নদীৰ কাষৰীয়া এলেকাত গঢ় লৈ উঠা এই অবৈধ পথসমূহৰ জৰিয়তে দালাল চক্ৰটোৱে অনুপ্ৰৱেশকাৰীক সীমান্ত পাৰ কৰাই দিছিল।
ধৃত দালালজনৰ স্বীকাৰোক্তি অনুসৰি, প্ৰতিজন বাংলাদেশী নাগৰিকৰ পৰা ভাৰতত প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ নামত প্ৰায় ১৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰা হৈছিল। দৈনিক গড়ে প্ৰায় ৩৫ জন লোকক সীমান্ত পাৰ কৰাই দিয়াৰ জৰিয়তে এই চক্ৰই বছৰি প্ৰায় ১০০ কোটি টকাৰ ব্যৱসায় চলাইছিল। একোজন দালালে মাহে উপাৰ্জন কৰিছিল প্ৰায় ৬ লাখ টকালৈকে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, সীমান্তৰ গতিবিধিৰ ওপৰত নজৰ ৰখা কিছু লোককো এই অবৈধ ব্যৱস্থাৰ সৈতে জড়িত কৰি ৰখা হৈছিল। সংগৃহীত ধনৰ এটা অংশ তেওঁলোকক উৎকোচ হিচাপে দিয়া হৈছিল বুলি তদন্তত প্ৰকাশ পাইছে।
ইফালে, পশ্চিমবংগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযান বৃদ্ধি পোৱাৰ পাছত এই দালাল চক্ৰসমূহৰ কাৰ্যকলাপত প্ৰভাৱ পৰে। অনুপ্ৰৱেশ আৰু ইয়াৰ সৈতে জড়িত অবৈধ নেটৱৰ্কৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহে অভিযান তীব্ৰতৰ কৰিছে।
চিৰাজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী সংস্থাই এতিয়া এই চক্ৰৰ সৈতে জড়িত আন ব্যক্তিসকলৰ সন্ধান চলাইছে। লগতে সীমান্ত পাৰাপাৰৰ এই অবৈধ ব্যৱস্থাৰ আৰ্থিক লেনদেন আৰু নেটৱৰ্কৰ পৰিসৰো পৰীক্ষা কৰা হৈছে।
