ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন

970

দেওবাৰে কটন এলুমনাই ভৱনত ড° ইন্দিৰা শইকীয়াৰ হৃদয়ৰ প্ৰাৰ্থনা- নামৰ শিশু, চেমনীয়া আৰু কিশোৰৰ উপযোগী চুটি প্ৰবন্ধৰ সংকলন এখন উন্মোচন কৰা হয়। লেখিকাৰ এইখন সাহিত্য সম্পর্কীয় সপ্তম সংখ্যক গ্ৰন্থ। ইয়াৰ আগতে প্রবন্ধ, অণুগল্প, কবিতা, চুটিগল্প, অষ্ট্ৰেলিয়াৰ ভ্ৰমণ কাহিনী আৰু শিশু গল্পৰ একোখনকৈ গ্ৰন্থ প্ৰকাশ হৈছিল। ইয়াৰ উপৰিও শিক্ষা বিষয়ৰ (অনাৰ্চ) আৰু বি.এড. কৰ্চৰ প্ৰায় ১৪খন প্রসংগ পুথি যুটিয়াভারে প্রকাশ পাইছে। আজিৰ গ্ৰন্থ উন্মোচনী সভাত বন্তি প্রজ্বলন কৰে কামৰূপ মহানগৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপীয়ে। উন্মোচক হিচাপে ড° প্রদীপজ্যোতি মহন্ত, বিশিষ্ট অতিথি হিচাপে ড° নীলিমা ভাগৱতী আৰু যুগললোচন দাসৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে ৰাজুৰাণী শইকীয়াই।

শিশু সাহিত্য অকাডেমি বঁটা প্রাপক যুগললোচন দাসে হৃদয়ৰ প্ৰাৰ্থনা গ্ৰন্থখনৰ বিষয়ে লিখা একাষাৰত কয় যে, “হৃদয়ৰ প্ৰাৰ্থনাত সন্নিৱিষ্ট প্রতিটো প্ৰৱন্ধই তথ্য আৰু চিন্তাৰ খোৰাকেৰে সমৃদ্ধ। শিশু চেমনীয়াৰ বাবেই নহয়, সকলোৱে উপকৃত হ’ব পৰা এইখন অতি প্রয়োজনীয় প্ৰৱন্ধ সংকলন।”

উক্ত গ্ৰন্থ খনিত হৃদয়ৰ প্ৰাৰ্থনাৰ ৰূপত চেমনীয়া সকলক ভিন্ন বিষয়বস্তুৰ জ্ঞানেৰে জ্ঞানোন্মুখ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। মাতৃ আৰু আইতাকৰ দ্বাৰা প্ৰেৰিত ভিন্ন বিষয়ৰ চিঠিৰ দ্বাৰা শিশু তথা চেমনীয়া সকলক জাতীয়তাবোধৰ সুবাসেৰে সুবাসিত কৰি তুলিবলৈও প্রচেষ্টা চলাইছে। এই গ্ৰন্থখনিৰ দ্বাৰা আধ্যাত্মিকতাৰ পৰা আৰম্ভ কৰি সামাজিকতালৈ, মনৰ সৌন্দৰ্য্যবোধৰ পৰা আৰম্ভ কৰি বিশ্বায়নৰ পৰিসৰলৈকে, সকলো দিশ সামৰি লোৱাৰ উপৰিও প্রাকৃতিক জগতৰ লগতে ব্যৱসায়-বাণিজ্য, পৰ্য্যটন আদি সকলোবোৰৰ ক্ষুদ্ৰ ৰূপ প্ৰদৰ্শন কৰাই চেমনীয়া অৱস্থাৰ পৰাই এটি আলোকিত মন গঢ়ি তুলিবলৈ প্রচেষ্টা চলোৱা হৈছে। গ্রন্থ খনি সুধী সমাজে আদৰি ল’লে লেখিকাৰ শ্ৰমৰ সার্থক হ’ব আৰু পঢ়ুৱৈ সমাজো নিশ্চয় উপকৃত হ’ব।