ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক। চাউল, দাইল, মিঠাতেল, সৰিয়হৰ তেল, পিয়াঁজ, আলু, শাক-পাচলিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ পৰিয়ালসমূহক।
বিশেষকৈ নিম্ন আয়ৰ পৰিয়াল, মধ্যবিত্ত শ্ৰেণী, দিন হাজিৰা কৰা শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৰ্মজীৱী লোকসকল এই মূল্যবৃদ্ধিৰ ফলত যথেষ্ট আৰ্থিক চাপৰ সন্মুখীন হৈছে। সীমিত উপাৰ্জনেৰে পৰিয়ালৰ দৈনন্দিন খৰচ বহন কৰাটো ক্ৰমাৎ কঠিন হৈ পৰিছে।
এফালে দৈনন্দিন উপাৰ্জন আৰু আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য—এই দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে।
মূল্যবৃদ্ধিৰ এনে পৰিস্থিতিত পৰিয়ালৰ মাহিলি বাজেটত ব্যাপক প্ৰভাৱ পৰাৰ লগতে সাধাৰণ লোকৰ জীৱন-যাপনো অধিক কঠিন হৈ পৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব?
সাধাৰণ জনতাই এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰি সকাহ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
