আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং ঃ ছেমিত নগৰাকী ছোৱালী

2790

চলিত আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত ল’ৰাৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰত অসমৰ সাতগৰাকীকৈ বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা তথা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা মাণ্ডলিক প্ৰতিযোগিতাখনত ছোৱালীৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰত অসমৰ নগৰাকীকৈ বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰিও পদক জয় নিশ্চিত কৰিছে৷ ল’ৰাৰ জুনিয়ৰৰ ছেমিফাইনেলত ৪৪-৪৬ কিলোগ্ৰাম শাখাত খেলা অসমৰ হিমাংশু বৰাই ৩-২ ৰ ব্যৱধানত দিল্লীৰ সাগৰক পৰাস্ত কৰাৰ বিপৰীতে ৫৭-৬০ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত শুভিৰাজ ৰগুই ৰাজ্যৰে নিপনক ৫-০ ৰ ব্যৱধানত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে৷ কিন্তু ৪৮-৫০ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পৰাস্ত হয় অসমৰ দুই বক্সাৰ অংকুৰ মেধি আৰু মনীষ সিংহ৷ আনহাতে, ৬৬-৭০ কিলোগ্ৰাম শাখাত খেলা অসমৰ মৃদুপম বৰুৱা আৰু প্ৰিয়মজ্যোতি গগৈয়ো ছেমিফাইনেলতে অভিযান সামৰে৷ ল’ৰাৰ জুনিয়ৰৰ আজি নিশা হ’বলগা ছেমিফাইনেলত ৪৪-৪৬ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বীতা কৰিব অসমৰ প্ৰিন্স গোৱালা আৰু জগন্নাথ বৰ্মনে৷

ইফালে, ল’ৰাৰ ছাৱ-জুনিয়ৰৰ ছেমিফাইনেলত জয়লাভ কৰি অসমৰ পাঁচগৰাকী বক্সাৰে স্বৰ্ণ পদকৰ যুঁজলৈ উত্তৰণ কৰিছে৷ ৩৩-৩৫ কিলোগ্ৰাম শাখাত মৃন্ময় সোণোৱালক দ্বীপজ্যোতি দাসে আৰু দীপ পেগুক অভিজ্ঞান বৰাই পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷ বিজয়ী উভয় বক্সাৰৰ পইণ্ট ব্যৱধান আছিল ৫-০৷ ইফালে, ৪০-৪৩ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত আয়ান শইকীয়াই ছাইমন চেত্ৰীক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৪৬-৪৯ কিলোগ্ৰাম শাখাত ৰজনী দলেক  ৫-০ ৰ ব্যৱধানত হৰুৱাই আনিশ শৰ্মাই খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷ ৫২-৫৫ কিলোগ্ৰাম শাখাত খেলা অসমৰ প্ৰশান্ত হাজৰিকাই ছেমিফাইনেলত মণিপুৰৰ অইনাম এন সিঙক হৰুৱাই ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে এই শাখাৰ আনখন ছেমিফাইনেলত অসমৰ প্ৰাঞ্জল প্ৰতীম মণিপুৰৰে নেলছনৰ বিৰুদ্ধে পৰাস্ত হয়৷ আজি নিশা হ’বলগা ছেমিফাইনেলত ৪৩-৪৬ কিলোগ্ৰাম শাখাত অংশ ল’ব অসমৰ ধনঞ্জয় বড়ো আৰু মিজিংছা ৰামছিয়াৰীয়ে৷  ইফালে, ছোৱালীৰ জুনিয়ৰ শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰা অসমৰ বক্সাৰসকল হ’ল ঃ ৪৬-৪৮ কিলোগ্ৰাম শাখাত বিতালি পেগু, ৫০-৫২ কিলোগ্ৰাম শাখাত শ্ৰিয়া চক্ৰৱত¹, ৫২-৫৪ কিলোগ্ৰাম শাখাত কৌশিকা বৰা আৰু ৫৪-৫৭ কিলোগ্ৰাম শাখাত ৰনছাং দলে৷

বিপৰীতে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ বিদায় লয় অসমৰ জানমনি বড়ি, নিশিতা পেগু, ভোগিতৰা পেগু, মাৰিন চুলতানা, আদৰ্শনী আৰু বিদিশা বৰুৱা৷ ইফালে, ছাৱ-জুনিয়ৰ ছোৱালীৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ খেলুৱৈসকল হ’ল ঃ ৪৬-৪৯ কিলোগ্ৰাম শাখাত শ্ৰিয়া বড়ো, ছিনি হাজৰিকা, পৰিস্মিতা আৰু প্ৰেমিকা বৰ্মাত্ৰি৷ বিপৰীতে এই শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় ফাৰহিন হাজৰিকা, গাৰ্গি মজুমদাৰ আৰু ছোনিয়া হালাম বড়ো৷ আনহাতে, ৪৯-৫২ কিলোগ্ৰাম শাখাত আইছিকা মোহেন স্নিগ্ধা দাসক হৰুৱাই ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে৷ কিন্তু কোৱাৰ্টাৰ ফাইনেলত বিদায় লয় ৪৩-৪৬ কিলোগ্ৰাম শাখাত খেলা অসমৰ নয়নজ্যোতি দলে৷ প্ৰতিযোগিতাৰ ফাইনেল মেচসমুহ আঠ আৰু ন মাৰ্চত অনুষ্ঠিত হ’ব৷