সংক্ৰামক ৰোগৰ বতৰ চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ গৰখপুৰৰ এখন গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিশাৰ আহাৰ গ্ৰহণৰ পাছত এটা পৰিয়ালৰ ৯ গৰাকী সদস্য গুৰুতৰভাৱে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। বৃহস্পতিবাৰে নিশা তৰমুজ খোৱাৰ পাছৰে পৰাই এই উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি প্ৰশাসনে জানিবলৈ দিছে।
ফলবিধ খোৱাৰ মাত্ৰ কিছু সময় পাছৰে পৰাই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যই বমি আৰু পেটৰ বিষত ছটফতাবলৈ আৰম্ভ কৰে। অসুস্থ লোকসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও অন্তৰ্ভুক্ত হৈ থকাৰ বাতৰি পোৱা গৈছে। পৰিস্থিতি অধিক সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে চুবুৰীয়াই। চিকিৎসকে এইয়া তীব্ৰ খাদ্য বিষক্ৰিয়াৰ ঘটনা বুলি এতিয়া সন্দেহ কৰিছে।
বজাৰত বিক্ৰী হৈ থকা কৃত্ৰিমভাৱে পকোৱা বা ৰং মিশ্ৰিত ফলৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগে। বিশেষকৈ তৰমুজ অধিক ৰঙা আৰু মিঠা দেখুৱাবলৈ অসাধু ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থই জনস্বাস্থ্যৰ প্ৰতি মাৰাত্মক বিপদ কঢ়িয়াই আনিছে। গৰখপুৰৰ এই ঘটনাই এতিয়া খাদ্য সুৰক্ষা বিভাগৰ সক্ৰিয়তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।
চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সদস্যসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। গ্ৰীষ্মকালত ফল-মূল ক্ৰয় কৰাৰ সময়ত সৰ্বসাধাৰণক অধিক সজাগ হবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে। ঘটনা সন্দৰ্ভত স্থানীয় বিক্ৰেতাৰ পৰা তৰমুজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে বিভাগে।
