গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা লজিষ্টিক আৰু গুদাম খণ্ডত বহনক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ইলেক্ট্ৰিক ফৰ্কলিফ্টৰ বাবে ভাৰতৰ প্ৰথমটো মাল্টি আয়ন বেটাৰী প্ৰযুক্তি আগবঢ়াইছে। গ্ৰুপটোৰ মেটেৰিয়েল হেণ্ডলিং ইকুইপমেণ্ট (এমএইচই) বিজনেছে ১৪ মে’ত মুম্বাইত এই প্ৰযুক্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে, এই নতুন বেটাৰী প্ৰযুক্তিটো সামগ্ৰিক মালিকীস্বত্বৰ ব্যয় ২৫ শতাংশ হ্ৰাস কৰাৰ লগতে অধিক কাৰ্যক্ষমতা আৰু পৰিষ্কাৰ ঔদ্যোগিক কাম-কাজ নিশ্চিত কৰাকৈ ডিজাইন কৰা হৈছে। বেটাৰীটো ফৰ্কলিফ্টৰ সমগ্ৰ কাৰ্যকৰী জীৱনকাললৈকে টিকি থাকিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে উৎপাদন, গুদাম আৰু যোগান শৃংখলৰ কাৰ্য-কলাপত নিৰ্ভৰযোগ্য আৰু শক্তি-দক্ষ সেৱাৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে মোকাবিলা কৰে।
কোম্পানীটোৱে জনোৱা অনুসৰি ভাৰতৰ ঔদ্যোগিক আৰু গুদাম বজাৰত ২০২৬ৰ প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত শীৰ্ষ আঠখন চহৰত ১ কোটি ১০ লাখ বৰ্গফুটতকৈ অধিক লিজিং ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে, যি ই-কমাৰ্চ, তৃতীয় পক্ষৰ লজিষ্টিক আৰু উৎপাদন খণ্ডৰ দ্বাৰা পৰিচালিত হৈ বছৰি দুটা সংখ্যাৰ বৃদ্ধি প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ডিপ-টেক বেটাৰী উদ্ভাৱকৰ সহযোগত বিকশিত কৰা মাল্টি আয়ন বেটাৰীয়ে ৫,০০০ পৰ্যন্ত জীৱনচক্ৰ প্ৰদান কৰে, যি গতানুগতিক লিথিয়াম-আয়ন বেটাৰীতকৈ প্ৰায় ৬০ শতাংশ অধিক। এই প্ৰযুক্তিয়ে দ্ৰুত আৰু সুযোগ চাৰ্জিঙো সমৰ্থন কৰে। আনহাতে শূন্য ৰক্ষণাবেক্ষণৰ প্ৰয়োজন আৰু ৪৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাত কাম কৰিব পাৰে।
গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ মেটেৰিয়েল হেণ্ডলিং ইকুইপমেণ্ট শাখাৰ ব্যৱসায়িক মুৰব্বী অনিল লিংগায়টে এই বিষয়ে কয় যে, এই প্ৰযুক্তিয়ে যোগান শৃংখলক অধিক নিৰ্ভৰযোগ্যতা, কম পৰিচালনা ব্যয় আৰু সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰিব। গুৱাহাটী মহানগৰীত অঞ্চলটোৰ ক্ৰমবৰ্ধমান বাণিজ্য আৰু ই-কমাৰ্চ লেনদেনৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিক অপাৰেটৰ আৰু গুদামৰ গৰাকীসকলে আধুনিক সামগ্ৰী পৰিচালনা ব্যৱস্থাত ক্ৰমান্বয়ে বিনিয়োগ কৰিছে। উদ্যোগৰ পৰ্যবেক্ষকসকলৰ মতে উন্নত বেটাৰী চালিত ফৰ্কলিফ্টৰ চাহিদা গুৱাহাটীৰ গুদাম হাবসমূহত বৃদ্ধি পোৱা দেখা যাব পাৰে কাৰণ ব্যৱসায়ীসকলে ইন্ধনৰ ব্যয় হ্ৰাস আৰু কাৰ্যক্ষমতা উন্নত কৰাত যথেষ্ট মনোনিৱেশ কৰিছে।
