দুটা প্ৰতিদ্বন্দ্বী অপৰাধী গেঙৰ মাজত চলি থকা শত্ৰুতাৰ বাবেই ৰক্তাক্ত হৈ পৰিল এখন ধাবা! বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত হাৰিয়ানাৰ ৰোহতক জিলাত নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে এটা গেঙৰ চাৰিজন সদস্যক অতৰ্কিতে গুলীয়াই হত্যা কৰে আন এটা বিৰোধী গেঙৰ দুৰ্বৃত্তই।
ৰোহতক জিলাৰ খাৰাৱাৰ গাঁৱৰ সমীপৰ দিল্লী ৰোডত অৱস্থিত মিলন ধাবাত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো। নিশা ধাবাখনত চাৰিজন যুৱকে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে এখন গাড়ীৰে কমেও পাঁচজন সশস্ত্ৰ দুৰ্বৃত্ত তাত উপস্থিত হয় আৰু যুৱককেইজনৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। আকস্মিক গুলীচালনাত ধাবাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত তাত উপস্থিত থকা গ্ৰাহক আৰু কৰ্মচাৰীসকলে প্ৰাণৰ মমতাত দৌৰাদৌৰি কৰে। ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, এই গুলীচালনাত ঝাজ্জৰ জিলাৰ দিঘল গাঁৱৰ নিবাসী ৰিংকু, বিনীত, গঞ্জু আৰু বেৰী অঞ্চলৰ হিমাংশু নামৰ চাৰিজন যুৱকৰ মৃত্যু হয়। প্রাথমিক তদন্তত নিহত চাৰিওজন যুৱককে ‘ছানী ৰিটোলিয়া গেং’ (বাবা গেঙৰ সৈতে জড়িত) নামৰ অপৰাধী চক্ৰটোৰ শ্বুটাৰ হিচাপে চিনাক্ত কৰিছে আৰক্ষীয়ে। আনহাতে, আমেৰিকাত বাহৰ পাতি থকা কুখ্যাত গেংষ্টাৰ হিমাংশু ভাউৰ গেঙে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে সামাজিক মাধ্যমত এই চাৰিটা হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে হিমাংশু ভাউ গেঙে। এটা ইনষ্টাগ্ৰাম পোষ্টত গেংটোৱে দাবী কৰে যে ২০২২ চনৰ মাৰ্চত ৰোহিত বজৰং আৰু ২০২৬ চনৰ এপ্ৰিলত চনু দিঘল নামৰ দুই সতীৰ্থক হত্যা কৰাৰ প্ৰতিশোধ ল’বলৈকে এই আক্ৰমণ চলোৱা হৈছে। তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গেং লিডাৰ ছানী ৰিটোলিয়া আৰু হিমাংশু ভাউ দুয়োৰে ঘৰ ৰিটোলি গাঁৱত আৰু দুয়োটা গেঙৰ মাজত দীৰ্ঘদিন ধৰি হিংসাত্মক সংঘাত চলি আহিছে। উল্লেখ্য যে হিমাংশু ভাউক শেহতীয়াকৈ আন এজন গেংষ্টাৰ নীৰজ ফৰিদপুৰীয়াৰ সৈতে আমেৰিকাৰ লাছ ভেগাছত আটক কৰা হৈছিল।
ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আইএমটি আৰক্ষী থানাৰ দলৰ লগতে মহাপৰিদৰ্শক (আইজি) হামিদ আখতাৰ আৰু আৰক্ষী অধীক্ষক গৌৰৱ ৰাজপুৰোহিত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বৰ্তমান আৰক্ষীয়ে সমীপৱৰ্তী এলেকাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে পলাতক আক্ৰমণকাৰীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও বিশেষ দল মোতায়েন কৰিছে
