উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ সুবিধাৰ ক্ষেত্ৰত এক নতুন সংযোজন হিচাপে ২৩ অক্টোবৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰে’লৱে ষ্টেচনৰ সমীপত ‘দ্য টার্মিনেল’ নামৰ এক বিশেষ স্থান মুকলি কৰে। এই স্থানত খাদ্য গ্রহণ, বজাৰ কৰা আৰু মনোৰঞ্জনৰ সুবিধা একেখন ঠাইতে উপলব্ধ হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধক নীৰজ সাহায় আৰু লামডিং মণ্ডলৰ মণ্ডল ৰে’লৱে প্ৰবন্ধক সমীৰ লোহানীৰ উপস্থিতিত এই বিশেষ স্থান উদ্বোধন কৰে। গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ষ্টেচন ৰোডৰ পাণবজাৰস্থিত পুৰণি যাত্ৰী সংৰক্ষণ ব্যৱস্থা ভৱনৰ এলেকাত এই সুবিধা গঢ়ি তোলা হৈছে। ‘দ্য টার্মিনেল’ত ৰে’লযাত্ৰী, পৰিয়াল আৰু আন দর্শনার্থীসকলে খাদ্য গ্রহণ, জিৰণি আৰু অৱসৰ বিনোদনৰ বাবে এক সুবিধাজনক পৰিৱেশ লাভ কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে নতুন উদ্ভাৱনীমূলক ভাড়া ৰহিত ৰাজহ আঁচনিৰ অধীনত লামডিং মণ্ডলে এই প্রকল্পটো ৰূপায়ণ কৰি পূৰ্বতে কম ব্যৱহৃত ৰে’লৱেৰ সম্পদক এক আকর্ষণীয় বাণিজ্যিক আৰু মনোৰঞ্জন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। ২৭,৩৮১ বর্গফুট এলেকাজুৰি বিস্তৃত এই সুবিধাটোৰ পৰিচালনাৰ দায়িত্ব পাঁচ বছৰৰ বাবে ২.২৭ কোটি টকাৰ চুক্তিমূল্যত ‘ফিউজন এজ ছলিউচন’ক অর্পণ কৰা হৈছে। তাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন দ্রুত খাদ্য সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ সমাহাৰেৰে এটা খাদ্য গ্ৰহণৰ মণ্ডল, স্থানীয় হস্তশিল্প, স্মাৰক সামগ্ৰী আৰু বিভিন্ন খুচুৰা ব্যৱসায়িক সামগ্ৰীৰে সমৃদ্ধ এখন ফ্লি মার্কেট (বিশেষ বজাৰ) তথা শিশুসকলৰ বাবে এটা ইনড’ৰ ছষ্ট প্লে এলেকা গঢ়ি তোলা হৈছে। এই সুবিধাসমূহে যাত্ৰীসকলক বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লোৱাৰ লগতে বজাৰ আৰু মনোৰঞ্জনৰ সুযোগ প্রদান কৰিব । ইয়াৰ উপৰিও যাত্ৰীসকলৰ বাবে নির্দিষ্ট বহাৰ ব্যৱস্থা, বিষয়ভিত্তিক আলোকসজ্জা, সুন্দৰকৈ সজাই তোলা মুকলি ঠাই আৰু পৰিকল্পিত আভ্যন্তৰীণ সন্ধাৰে ‘দ্য টার্মিনেল’ক এক আদৰণীয় আৰু আৰামদায়ক পৰিৱেশত গঢ়ি তোলা হৈছে। লগতে, ৰে’লৱেৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি যাত্ৰীসকলৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অগ্নি-নিৰাপত্তা আৰু সামগ্রিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাও গ্রহণ কৰা হৈছে।
