গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ ইণ্ডোনেছিয়াৰ কেন্দাল বিশেষ অৰ্থনৈতিক অঞ্চলত এটা নতুন উৎপাদন গোটৰ প্ৰথমটো পৰ্যায় মুকলি কৰি দেশখনত নিজৰ ব্যৱসায়িক স্থিতি অধিক শক্তিশালী কৰি তুলিছে। এই সমগ্ৰ প্ৰকল্পটো ৫০০ বিলিয়ন ইণ্ডোনেছিয়ান ৰুপিয়া (প্ৰায় ২৫০ কোটি টকা) বিনিয়োগেৰে গঢ়ি তোলা হৈছে।
২০১০ চনৰ পৰাই ইণ্ডোনেছিয়াত সক্ৰিয় হৈ থকা গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ ইণ্ডোনেছিয়াই (জিচিপিআই) প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ব্যৱসায় ৪.৫ গুণ বৃদ্ধি পাইছে। কোম্পানীটোৰ হিট, ষ্টেলা, মিটু আৰু এনৱাইইউৰ দৰে ব্ৰেণ্ডসমূহে বৰ্তমান ইণ্ডোনেছিয়াৰ প্ৰতি ৪টা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দালত থকা কোম্পানীটোৰ মুঠ ৫.৫ হেক্টৰ ভূমিৰ ভিতৰত প্ৰথম পৰ্যায়ত ২.৫ হেক্টৰ মাটিত এই নতুন গোটটো নিৰ্মাণ কৰা হৈছে, য’ত ঘৰুৱা কীটনাশক উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ইয়াৰ জৰিয়তে স্থানীয় চাহিদা পূৰণ কৰাৰ লগতে সামগ্ৰী ৰপ্তানিও কৰা হ’ব।
কোম্পানীটোৱে জনোৱা অনুসৰি এই নতুন বিনিয়োগৰ ফলত প্ৰতিষ্ঠানটোৰ গৃহ আৰু ব্যক্তিগত যত্ন শাখাৰ উৎপাদন ক্ষমতা প্ৰায় ১৫% বৃদ্ধি পাব। বৰ্তমান ব্যৱহাৰ হৈ থকা ৭৫-৮০% উৎপাদন ক্ষমতাৰ বোজা হ্ৰাস কৰাৰ লগতে ভৱিষ্যতে অঞ্চলটোত হ’বলগীয়া সামগ্ৰীৰ চাহিদা পূৰণত ই বিশেষভাৱে সহায় কৰিব। সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তি আৰু ডেটা সঁজুলিৰে সমৃদ্ধ এই কাৰখানাটো মাত্ৰ এবছৰৰ অলপ অধিক সময়ৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে।
ইয়াৰ উপৰি গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে স্থানীয় কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কাৰখানাটোৰ মুঠ কৰ্মচাৰীৰ ৫০% মহিলা নিয়োগ কৰাৰ লক্ষ্য লোৱাৰ লগতে দিব্যাংগ ব্যক্তিসকলকো কৰ্মসংস্থাপনৰ বাবে অধিক সুযোগ প্ৰদান কৰা হ’ব। একেদৰে, দায়িত্বশীল উৎপাদন নীতিৰ আধাৰত ইয়াত সম্পদৰ সঠিক ব্যৱহাৰ, শক্তি নিৰীক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে পৰিৱেশ অনুকূল পদক্ষেপ গ্ৰহণ কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপটত গড্ৰেজৰ এই সম্প্ৰসাৰণে উপভোক্তা সামগ্ৰী (এফএমচিজি) প্ৰস্তুতকাৰী কোম্পানীসমূহৰ বাবে প্ৰযুক্তি-নিৰ্ভৰ উৎপাদন আৰু আঞ্চলিক যোগান শৃংখলৰ বৰ্ধিত গুৰুত্বক প্ৰতিপন্ন কৰিছে। এনে ধৰণৰ বিনিয়োগে ভাৰতৰ উঃ-পূবকে ধৰি সমগ্ৰ বিশ্বৰ উদীয়মান বজাৰসমূহত সামগ্ৰীৰ উপলব্ধতা আৰু যোগান শৃংখলৰ দক্ষতা অধিক বৃদ্ধি কৰিব, য’ত বৰ্তমান ঘৰুৱা ব্যৱহাৰ্য আৰু ব্যক্তিগত যত্নৰ সামগ্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।
