বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত এফআইচিচিআইত উদ্যোগ জগতক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ওপৰত আলোকপাত কৰে। দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আৰু বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আগৰৱালে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত অধিক সহযোগিতাৰ আহ্বান জনায়।
আগৰৱালে প্ৰাকৃতিক সম্পদ, শক্তি, উৎপাদন আৰু গধুৰ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰী মালিকানাধীন কোম্পানীসমূহৰ অধিক ব্যক্তিগতকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু উৎপাদনশীলতা বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি তথা এমএছএমইসমূহৰ বিকাশত উৎসাহ যোগোৱাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ ব্যৱস্থাপনাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। আগৰৱালে পৰামৰ্শ দিছে যে ব্যক্তিগতকৰণ দুটা চৰ্তৰ সৈতে হ’ব লাগে— কোনো কৰ্মচাৰীক ছাঁটাই নকৰা আৰু কৰ্মসংস্থাপন তিনিগুণ বৃদ্ধি কৰা। আগৰৱালে কৰ্প’ৰেট অধিগ্ৰহণৰ বিকল্প হিচাপে ৰাজহুৱা শ্বেয়াৰ বিতৰণৰ কথাও উল্লেখ কৰিছে, য’ত ব্যক্তিগতকৰণৰ পৰা লাভ কৰা ধন চৰকাৰী ঋণ হ্ৰাস কৰা আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।
প্ৰধানমন্ত্ৰীৰ আস্থাৰ ওপৰত দিয়া গুৰুত্বক দোহাৰি আগৰৱালে দীঘলীয়া অনুমোদন প্ৰক্ৰিয়াসমূহৰ সলনি স্ব-প্ৰমাণীকৰণ(চাৰ্টিফিকেচন) আৰু সৰল নিয়মাৱলী প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনাইছে। আগৰৱালে বিশ্বাস কৰে যে চৰকাৰে স্পষ্ট নিয়ম নিৰ্ধাৰণ কৰিব লাগে আৰু অডিটৰ জৰিয়তে নিয়ম পালন নিশ্চিত কৰিব লাগে, যাৰ ফলত ব্যৱসায় আৰু নতুন উদ্যোগসমূহ অধিক দ্ৰুতগতিত আৰম্ভ আৰু সম্প্ৰসাৰিত হ’ব পাৰে।
আগৰৱালে খনিজ, ধাতু আৰু হাইড্ৰ’কাৰ্বন খণ্ডত যুৱ উদ্যোগী আৰু ষ্টাৰ্টআপসমূহৰ বাবে অন্বেষণক এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপেও উল্লেখ কৰিছে। তেওঁ অন্বেষণকাৰী ষ্টাৰ্টআপসমূহক নিজৰ আৱিষ্কাৰসমূহ অ’এনজিচি আৰু হিন্দুস্তান জিংকৰ দৰে প্ৰতিষ্ঠিত কোম্পানীসমূহক বিক্ৰী কৰিবলৈ সক্ষম কৰি তোলাৰ পোষকতা কৰিছে, যিবোৰ কোম্পানীৰ বৃহৎ পৰিসৰত খনন আৰু প্ৰক্ৰিয়াকৰণৰ বাবে বিনিয়োগ কৰাৰ সামৰ্থ্য আছে। তেওঁ বিশ্বাস কৰে যে ইয়াৰ ফলত শ শ ষ্টাৰ্টআপ উৎসাহিত হ’ব, উদ্যোগীকৰণৰ সুযোগ সৃষ্টি হ’ব আৰু দেশৰ ঘৰুৱা সম্পদৰ পৰিৱেশতন্ত্ৰ শক্তিশালী হ’ব।
পোষ্টটোৰ সামৰণিত তেওঁ ব্যক্তিগতকৰণ, স্ব-প্ৰমাণীকৰণ আৰু অন্বেষণক কেন্দ্ৰ কৰি এক ৰাষ্ট্ৰীয় আন্দোলন গঢ়ি তুলিবলৈ উদ্যোগ, চৰকাৰ আৰু নাগৰিকসকলক একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাত ‘জয় জোৱান জয় কিষান’ আন্দোলনৰ সফলতাৰ সৈতে তুলনা কৰি আগৰৱালে কৰ্মসংস্থাপন সৃষ্টি, উপাৰ্জন বৃদ্ধি আৰু ভাৰতীয় টকা শক্তিশালী কৰাৰ বাবেও একেধৰণৰ সামূহিক প্ৰচেষ্টাৰ পোষকতা কৰিছে।
লিংক: https://x.com/AnilAgarwal_Ved/status/2123740183862325289?s=20
