এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ ৷ ভাৰতীয় মহিলা হকী দলৰ অন্যতম স্বৰ্ণজয়ী সদস্য লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক মিজোৰাম চৰকাৰে ২৫ লাখকৈ টকা প্ৰদান কৰিব ৷বিগত ২ অক্টোবৰত জাপানৰ কাকামিগাহাৰাত(Kakamigahara) অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত ভাৰতে চীনক ১-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক অৰ্জন কৰিছিল । মিজোৰামৰ বাবে এই সাফল্য বিশেষ তাৎপৰ্যপূৰ্ণ । লালৰেমচিয়ামি আৰু লালথানতলুৱাংগী হৈছে এছিয়ান গেমছত পদক অৰ্জন কৰা মিজোৰামৰ প্ৰথম দুগৰাকী খেলুৱৈ । দুয়োগৰাকীয়ে স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায় সংযোজন কৰিছে ।ঐতিহাসিক এই সাফল্যৰ স্বীকৃতি হিচাপে মিজোৰাম ৰাজ্যিক ক্ৰীড়া প্ৰৰোচনা আঁচনি(MSSIS)-ৰ অধীনত ৰাজ্য চৰকাৰে লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক ২৫ লাখকৈ টকা প্ৰদান কৰিব ।
