ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে আঞ্চলিক উদ্ধাৰকাৰী দলে ব্যাপক ৰূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।তথ্য অনুসৰি, ফেৰীখনত কৰ্মচাৰীসহ মুঠ ২৭১ জন যাত্ৰী আছিল। অগ্নিকাণ্ডৰ পাছতে চলোৱা ক্ষিপ্ৰ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২২৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে। লগতে সন্ধানহীন হৈ থকা ৪১ জন যাত্ৰীৰ সন্ধানত সাগৰত উদ্ধাৰকাৰী নাও আৰু হেলিকপ্টাৰৰ সহায়ত নিৰৱচ্ছিন্ন অভিযান চলাই থকা হৈছে।
