ভাৰতৰ ১৭ বছৰীয়া উঠি অহা বেডমিণ্টন খেলুৱৈ তনৱী শৰ্মাই দেওবাৰে টাইপেই অ’পেন ২০২৬ প্ৰতিযোগিতাত বিজয়ী হৈ নিজৰ প্ৰথমটো ‘বি ডব্লিউ এফ’ ৱৰ্ল্ড ট্যুৰ খিতাপ অৰ্জন কৰে। মহিলাৰ একক শাখাৰ ফাইনেল খেলখনত তনৱীয়ে ভিয়েটনামৰ ষষ্ঠ বাছনিৰ খেলুৱৈ নগুয়েন থুই লিনক ২১-১৬, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। এই ঐতিহাসিক বিজয়ৰ জৰিয়তে তনৱীয়ে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়।
মাত্ৰ ১৭ বছৰ ২২২ দিন বয়সত খিতাপ দখল কৰি তনৱী টাইপেই অ’পেনৰ ইতিহাসত সৰ্বনিষ্ঠ বিজয়ী হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত তেওঁ কিংবদন্তি খেলুৱৈ টাই ছূ-য়িংৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। ২০০৮ চনত ছাইনা নেহৱালে লাভ কৰা সফলতাৰ পাছত টাইপেই অ’পেন জিকা তনৱীয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ছাইনা নেহৱাল, পি ভি সিন্ধু আৰু দেৱিকা সিহাগৰ পাছত বি ডব্লিউ এফ ছুপাৰ ৩০০’ বা তাতকৈ ডাঙৰ খিতাপ জয় কৰা তনৱী চতুৰ্থগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে চিহ্নিত হৈছে।
সমগ্ৰ প্ৰতিযোগিতাখনত তনৱীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে আৰু সমগ্ৰ টুৰ্নামেণ্টত মাত্ৰ এটা ছেটহে হাতৰ পৰা হৰুৱাবলগীয়া হয়। ফাইনেল খেলখনত নিজৰ উৎকৃষ্ট নেট প্লে’ আৰু বুদ্ধিমত্তাৰে তেওঁ প্ৰতিপক্ষক কোনো সুযোগ নিদিলে। বৰ্তমান বিশ্ব ৰেংকীঙৰ ৩৪ নম্বৰ স্থানত থকা তনৱী শৰ্মাৰ এই জয় ভাৰতীয় বেডমিণ্টনৰ বাবে এক ডাঙৰ সাফল্য।
