ভাৰতৰ বাবে ইউৰোপীয় সংঘৰ (EU) ৰাষ্ট্ৰদূত জিন-এৰিক পেকেটৰ নেতৃত্বত ইউৰোপীয় সংঘৰ এটা প্ৰতিনিধি দলে সোমবাৰে গুৱাহাটী ভ্ৰমণ কৰে।
ইউৰোপীয় সংঘৰ এই প্ৰতিনিধি দলটোৱে গুৱাহাটীত অনুষ্ঠিত হোৱা “শিক্ষা, বিজ্ঞান, ডিপটেক আৰু বহনক্ষমতা, উদ্ভাৱন আৰু উদ্যোগৰ অংশীদাৰিত্ব” শীৰ্ষক ইউৰোপীয় সংঘ-অসম ঘূৰণীয়া মেজ আলোচনাত অংশগ্ৰহণ কৰে।
সোমবাৰে ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত পেকেটে ষ্টাৰ্টআপ আৰু স্কেল-আপসমূহক লালন-পালন কৰাৰ ক্ষেত্ৰত ইউৰোপীয় উদ্ভাৱন পৰিষদৰ ভূমিকাৰ কথা আলোকপাত কৰে। তেওঁ অসমৰ উদ্যোগীকৰণৰ প্ৰতি থকা ক্ৰমবৰ্ধমান আগ্ৰহৰ শলাগ লয় আৰু উদ্ভাৱনৰ বাবে এক সহায়ক পৰিৱেশৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
ভাৰতৰ বাবে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ মন্ত্ৰী উপদেষ্টা থমাছ ৰজাৰ মেকক্লেনঘানে ইউৰোপীয় সংঘ-ভাৰত ষ্টাৰ্টআপ অংশীদাৰিত্ব, এআই-কেন্দ্ৰিক উদ্ভাৱন কেন্দ্ৰ আৰু প্ৰস্তাৱিত ১০ নিযুত ইউৰোৰ গ্ল’বেল গেটৱে সমৰ্থন সুবিধাৰ জৰিয়তে অধিক সুযোগৰ ৰূপৰেখা দাঙি ধৰে। উল্লেখযোগ্য যে এই আঁচনিত অসম আৰু উত্তৰ-পূবৰ বাবে এক বিশেষ উইণ্ডো থাকিব যিয়ে বিনিয়োগ প্ৰকল্প প্ৰস্তুত কৰাত সহায় কৰিব।
অসমৰ মুখ্য সচিব ৰবি কোটায়ো এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই বৈঠকত বিভিন্ন চৰকাৰী বিভাগ, উদ্যোগ প্ৰতিনিধি আৰু প্ৰায় ৪৫ টা ষ্টাৰ্টআপ একত্ৰিত হৈ মূল খণ্ডসমূহৰ মাজত অসম-ইউৰোপীয় সংঘৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ সুযোগসমূহ অন্বেষণ কৰে।
মুখ্য সচিবে তেওঁৰ ভাষণত গৱেষণা, উদ্ভাৱন আৰু প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত-ইউৰোপীয় সংঘৰ গভীৰ সহযোগিতাৰ জৰিয়তে অসমৰ বাবে থকা সুযোগসমূহৰ বিষয়ে উল্লেখ কৰে। বিশেষকৈ হৰাইজন ইউৰোপ (২০২১-২০২৭) আঁচনিৰ অধীনত প্ৰায় ১০০ বিলিয়ন ইউৰোৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে আৰু ২০২৭ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰতৰ অংশগ্ৰহণ আশা কৰা হৈছে।
কোটাই কয়, “ইয়াৰ ফলত ভাৰতীয় বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপসমূহে ইউৰোপীয় সমকক্ষসকলৰ সৈতে সহযোগিতা কৰিবলৈ আৰু সমান চৰ্তত পুঁজিৰ বাবে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ’ব।”
তেওঁ জৈৱ প্ৰযুক্তি, নেন’ প্ৰযুক্তি, উন্নত সামগ্ৰী, জলবায়ু আৰু পানী গৱেষণা, স্বাস্থ্য আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰ চিনাক্ত কৰা আৰু প্ৰতিষ্ঠানিক সংযোগ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
আলোচনাত ঔদ্যোগিক বিনিয়োগ, ঔদ্যোগিক উদ্যান, ইউৰোপীয় সংঘ-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ (FTA) অধীনত বাণিজ্য, উচ্চ শিক্ষা আৰু ইৰাছমাছ+, ডিপটেক আৰু ষ্টাৰ্টআপ বিকাশ, সেউজ গতিশীলতা, বৈদ্যুতিক বাহন, আভ্যন্তৰীণ জল পৰিবহণ, লজিষ্টিক আৰু পানী শাসনৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰা হয়।
মুখ্য সচিবগৰাকীয়ে কয়, “অসম-ইউৰোপীয় সংঘৰ অংশীদাৰিত্ব শক্তিশালী কৰিলে ৰাজ্যৰ প্ৰতিষ্ঠান, উদ্যোগ আৰু ষ্টাৰ্টআপসমূহক গোলকীয় বিশেষজ্ঞতা, প্ৰযুক্তি আৰু বিনিয়োগৰ সৈতে সংযোগ কৰিব পাৰিব, যাৰ ফলত উদ্ভাৱন, উদ্যোগীকৰণ আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে নতুন পথৰ সৃষ্টি হ’ব।”
