ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া (পি চি আই)-ৰ উদ্যোগত আজি গুৱাহাটীৰ সোণাপুৰস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত “স্বাস্থ্যৱান ভাৰত: এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ বিৰুদ্ধে যুঁজ” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬ উদযাপনৰ আয়োজন কৰা হয়। ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ফাৰ্মাচিষ্টসকলৰ অপৰিহাৰ্য ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু বৰ্তমান বিশ্বই সন্মুখীন হোৱা অন্যতম গুৰুতৰ জনস্বাস্থ্যজনিত প্ৰত্যাহ্বান ‘এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স’ (AMR) সম্পৰ্কে ব্যাপক জনসচেতনতা সৃষ্টি কৰাই এই উদযাপনৰ মূল উদ্দেশ্য। এই অনুষ্ঠানত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাচী বৃত্তিৰ প্ৰতিনিধি, চৰকাৰী বিষয়া, ফাৰ্মাচী শিক্ষক, গৱেষক, কৰ্মৰত ফাৰ্মাচিষ্ট, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ জৰিয়তে ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া আৰু অসম ৰাজ্যিক ফাৰ্মাচী কাউন্সিলে ‘স্বাস্থ্যৱান ভাৰত’ৰ ৰাষ্ট্ৰীয় সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। আয়োজক সমিতিয়ে সংবাদ মাধ্যম, স্বাস্থ্য প্ৰতিষ্ঠান, ফাৰ্মাচী পেছাদাৰী, শৈক্ষিক প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীসকলক এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ বিৰুদ্ধে চলি থকা আন্দোলনক সমৰ্থন জনাবলৈ আহ্বান জনাইছে। ৰাজ্যিক পৰ্যায়ৰ এই অনুষ্ঠানত এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স আৰু জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, এণ্টিবায়’টিক আৰু অন্যান্য এণ্টিমাইক্ৰ’বিয়েল ঔষধৰ যুক্তিসংগত তথা দায়িত্বশীল ব্যৱহাৰক উৎসাহিত কৰা, এণ্টিমাইক্ৰ’বিয়েল ষ্টুৱাৰ্ডশ্বিপত (ঔষধৰ সঠিক ব্যৱহাৰৰ তদাৰকীত) ফাৰ্মাচিষ্টসকলৰ ভূমিকা অধিক শক্তিশালী কৰা, ফাৰ্মাচিষ্ট, চিকিৎসক, শিক্ষাবিদ, গৱেষক আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা আদি দিশসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।উল্লেখযোগ্য যে এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ সৃষ্টি তেতিয়া হয় যেতিয়া অণুজীৱসমূহে সিহঁতক ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা ঔষধৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে,যাৰ ফলত সংক্ৰমণৰ চিকিৎসা ক্ৰমান্বয়ে জটিল হৈ পৰে। এণ্টিবায়’টিক আৰু অন্যান্য এণ্টিমাইক্ৰ’বিয়েল ঔষধৰ অনুপযুক্ত তথা অত্যাধিক ব্যৱহাৰ ইয়াৰ এক প্ৰধান কাৰণ। এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ স্বাস্থ্যকৰ্মী, চৰকাৰী সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, ঔষধ উদ্যোগ আৰু সাধাৰণ জনতাৰ মাজত সমন্বিত প্ৰচেষ্টাৰ অতি প্ৰয়োজন। সহজলভ্য আৰু অত্যাৱশ্যকীয় স্বাস্থ্যকৰ্মী হিচাপে ফাৰ্মাচিষ্টসকলে ঔষধৰ যুক্তিসংগত ব্যৱহাৰ, দায়িত্বশীলভাৱে এণ্টিবায়’টিক প্ৰদান, ৰোগীক পৰামৰ্শ দান আৰু জনস্বাস্থ্য সচেতনতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Make 5 headline in Assamese and English
