বিগত তিনি সপ্তাহৰ ভিতৰত তৃতীয়টো ঘূৰ্ণীবতাহৰ আশংকাই এতিয়া চিন্তাত পেলাইছে দেশৰ পূব উপকূলীয় ৰাজ্যসমূহক। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ঘনীভূত হৈ আজি বিয়লিলৈ ঘূৰ্ণীবতাহ ‘আকৱান’লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি, দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হোৱা এই গভীৰ নিম্নচাপটো উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হৈ মঙলবাৰে বিয়লিলৈ এক শক্তিশালী ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে। পৰৱৰ্তী সময়ত ই অধিক শক্তি সঞ্চয় কৰি অহা ১৯ নৱেম্বৰৰ নিশা অতি শক্তিশালী ঘূৰ্ণীবতাহৰ ৰূপত অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ কাষ চপাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত বতাহৰ গতিবেগ ঘণ্টাত ১২০ৰ পৰা ১৩০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ লগতে জাকৈয়া বতাহৰ গতি ১৪৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।
ঘূৰ্ণীবতাহটোৰ প্ৰভাৱত অহা ১৯ আৰু ২০ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় জিলাসমূহত অতি প্ৰবল বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। বিশেষকৈ বাপটলা, কৃষ্ণা, পশ্চিম গোদাৱৰী, পূব গোদাৱৰী, কাকিনাড়া আৰু এলুৰু জিলাত ১৯ নৱেম্বৰৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইফালে, ইৰানে নামকৰণ কৰা ‘আকৱান’ নামৰ এই ঘূৰ্ণীবতাহটোৱে প্ৰকৃততে কোন স্থানত স্থলভাগত প্ৰৱেশ কৰিব সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।
আনহাতে, সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰেও ৰাজ্যখনৰ দক্ষিণ আৰু উপকূলীয় জিলাসমূহত প্ৰশাসনিক প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। বতৰ বিজ্ঞান বিভাগে অহা ১৯ নৱেম্বৰত পুৰী, গঞ্জাম আৰু গজপতি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে ২০ নৱেম্বৰত ৰায়গড়া, কোৰাপুট আৰু মালকানগিৰি জিলাতো প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। গঞ্জাম জিলা প্ৰশাসনে ইতিমধ্যে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল কৰি সকলো ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰত খোৱাপানী, খাদ্য আৰু বিদ্যুৎ যোগানৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।
তদুপৰি, সকলো জিলাতে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ লগতে উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ, অ’ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীক সাজু কৰি ৰখা হৈছে। সমুদ্ৰ অশান্ত হৈ থকাৰ বাবে অহা ২০ নৱেম্বৰলৈকে মাছমৰীয়াসকলক বংগোপসাগৰ আৰু আন্দামান সাগৰলৈ মাছ মাৰিবলৈ নাযাবলৈ বতৰ বিজ্ঞান বিভাগে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখ্য যে যোৱা এমাহৰ ভিতৰত বংগোপসাগৰত সৃষ্টি হোৱা ‘অৰ্ণৱ’ আৰু ‘মুৰাছু’ৰ পিছত এইটো হ’ব তৃতীয়টো ঘূৰ্ণীবতাহ।
