আজি অনুষ্ঠিত হৈছে অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত অব্যাহত থকা ভোটগণনাৰ মাজতে তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অভিনেতা থালাপতি বিজয়ৰ দল টি ভি কেৰ পৰাজয়ৰ উৰাবাতৰিত দুখী হৈ আত্মহননৰ চেষ্টা চলায় এজন সমৰ্থকে।
২৮ বছৰীয়া কে মহেন্দ্ৰন নামৰ যুৱকজনে নিজৰ প্ৰিয় নেতা তথা টিভিকে দলৰ মুৰব্বীগৰাকী নিৰ্বাচনত হাৰিব বুলি শুনি এই চৰম পথ বাছি লয়। আজি পুৱা ভোট গণনা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্ততে নিজ ঘৰৰ সমীপতে যুৱকজনে এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে মহেন্দ্ৰনক উদ্ধাৰ কৰি কৃষ্ণাগিৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। বৰ্তমান হাস্পতালখনৰ আই চি ইউত যুৱকজনৰ চিকিৎসা চলি আছে। কৃষ্ণাগিৰি টাউন আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে নিৰ্বাচনী ফলাফলক লৈ যুৱকজন চৰম মানসিক চাপত আছিল। আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত চলোৱাৰ লগতে যিকোনো পৰিস্থিতিতে ৰাইজক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।
