অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত ভাৰতীয় জনতা পাৰ্টিয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰি দিছপুৰৰ ক্ষমতা পুনৰ দখলৰ দিশে খোজ পেলাইছে। বৰ্তমানৰ শেহতীয়া তথ্য অনুসৰি, গেৰুৱা দলটোৱে ৰাজ্যৰ ২৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰি বিৰোধী শিবিৰক যথেষ্ট পিছ পেলাই থৈছে। বিশেষকৈ শাসকীয় পক্ষৰ কেইবাজনো হেভিৱেট নেতাৰ অগ্ৰগতিয়ে এতিয়া বিজেপি কৰ্মী-সমৰ্থকৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।
প্ৰাৰম্ভিক ধাৰাত ভৱানীপুৰ-সৰভোগত ৰণজিৎ কুমাৰ দাস, জাগীৰোডত পীয়ূষ হাজৰিকা, ছিপাঝাৰত পৰমানন্দ ৰাজবংশী আৰু নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মাই নিজ নিজ সমষ্টিত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ উপৰিও বিশ্বনাথত পল্লব লোচন দাস, ধেমাজিত ডাঃ ৰণোজ পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, গোলাঘাটত অজন্তা নেওগ আৰু খুমটাত মৃণাল শইকীয়াই শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিছে। অগ্ৰগতিৰ এই ধাৰাই স্পষ্ট কৰিছে যে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি জনসাধাৰণে সঁহাৰি জনাইছে।
আনহাতে, বিৰোধী কংগ্ৰেছ দলে মাত্ৰ ৫ খন আসনতহে প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৰ প্ৰাৰ্থী মহম্মদ নুৰুল ইছলাম (সৃজনগ্ৰাম), আব্দুল খালেক (মন্দিয়া), জাকিৰ হুছেইন সিকদাৰ (পকাবেটবাৰী), ৰিজুমণি তালুকদাৰ (মঙলদৈ) আৰু উৎপল বনীয়াই (ৰহা) নিজৰ সমষ্টিত যুঁজ অব্যাহত ৰাখিছে। আঞ্চলিক দলসমূহৰ ভিতৰত অসম গণ পৰিষদে বৰপেটা, ডিমৰীয়া আৰু কলিয়াবৰত অগ্ৰগতি লাভ কৰি মিত্ৰজোঁটৰ শক্তিক অধিক সুদৃঢ় কৰিছে।
ইফালে, লূৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে বজালী আৰু মৰিগাঁও সমষ্টিত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ মজিবুৰ ৰহমানে দলগাঁও সমষ্টিত অগ্ৰগতি লাভ কৰিছে। অৱশ্যে চৰম উত্তেজনাৰ মাজত প্ৰতিটো মুহূৰ্ততে সলনি হৈ থকা এই নিৰ্বাচনী ধাৰাই পৰৱৰ্তী সময়ত কি মোৰ লয়, সেয়া এতিয়া লক্ষ্যণীয়।
