কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফত ১৯৮৬ চনত গঠন কৰা হৈছিল প্ৰথমটো মহিলা বেটেলিয়ান। চি আৰ পি এফৰ ৮৮ বেটেলিয়ানটোৱেই আছিল সমগ্ৰ এছিয়া মহাদেশত অৰ্দ্ধ সামৰিক বাহিনী সমূহৰ ভিতৰত প্ৰথমটো মহিলা বেটেলিয়ান। আনহাতে চি আৰ পি এফৰ ৮৮ মহিলা বেটেলিয়ানটোৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটো চি আৰ পি এফৰ নতুন দিল্লীত থকা মুখ্য কাৰ্যালয় চৌহদত পালন কৰা হয়। সেই বৰ্ষপূৰ্তিত ১৯৮৬ চনত ৮৮ চি আৰ পি এফ বেটেলিয়ানত হেড কনিষ্টবল হিচাপে ভৰ্ত্তি হৈ নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰ বলত আৰক্ষী অধীক্ষকৰ দৰে পদবীৰ সম পৰ্যায়ৰ দ্বিতীয় কমাণ্ড অধিকাৰী বা ছেকেণ্ড ইন কমাণ্ড পদবী অৰুণাচল প্ৰদেশৰ ইটানগৰত থকা ১৩৮ বেটেলিয়ানৰ পৰা অৱসৰ গ্ৰহণ কৰা , অসমৰ তেজপুৰ চহৰৰ ডিপোটা নিৱাসী মীনা বৰাই দাস বৰাসহ প্ৰথমটো বেটছত ভৰ্ত্তি হোৱা কেবাজনো মহিলা বিষয়া – জোৱানে ভাগ লৈছিল । অনুষ্ঠানত ভাগ লৈ আটায়ে ৪০ বছৰ পূৰ্বৰ অতীতৰ স্মৃতি ৰোমন্থন কৰে । এই সন্দৰ্ভত অৱসৰী দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাই জানিবলৈ দিয়া মতে তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পাছত ১৯৮৬ চনত তেওঁ চি আৰ পি এফত কনিষ্টবল হিচাপে ভৰ্ত্তি হৈছিল। ভৰ্ত্তি হোৱাৰ পাছত গুৱাহাটীৰ নমাইলত থকা চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰত প্ৰশিক্ষণত ভাগ লয়। প্ৰশিক্ষণত চলি থকাৰ মাজতে চি আৰ পি এফ বাহিনীৰ পৰা নিৰ্দেশনা আহে যে চি আৰ পি এফত নতুনকৈ এটা মহিলা বেটেলিয়ান গঠন কৰা হব। নতুনকৈ গঠন হবলগীয়া ৮৮ বেটেলিয়ানটোত নতুন মহিলা জোৱানসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে হেড কনিষ্টবল বা হাবিলদাৰ নিয়োগৰ বাবে নমাইলৰ গ্ৰুপ চেণ্টাৰত প্ৰশিক্ষণত ভাগ লোৱা মহিলা কনিষ্টবলৰ পৰাই বাছনি কৰা হব।
সেই অনুসৰি তেওঁ সাক্ষাৎকাৰত অৱতীৰ্ণ হয় আৰু যোগ্যতাৰ ভিত্তিত উৰ্ত্তীৰ্ণ হৈ হেড কনিষ্টবল পদৰ বাবে বাছনি হয়। হেড কনিষ্টবল হিচাপে বাছনি হোৱাৰ পাছত তেতিয়াৰ তামিলনাডুৰ ৰাজধানী মাদ্ৰাজত থকা চি আৰ পি এফৰ প্ৰশিক্ষণ কেন্দ্ৰত এছিয়াৰ অৰ্দ্ধ সামৰিক বাহিনীৰ প্ৰথমটো মহিলা বেটেলিয়ান হিচাপে পৰিছিল ৮৮ চি আৰ পি এফৰ হেড কনিষ্টবল হিচাপে প্ৰশিক্ষণ আৰম্ভ কৰে। সেই সময়ত নতুন মহিলা বেটেলিয়ানত নিযুক্তিৰ বাবে সহকাৰী উপ পৰিদৰ্শকৰ পৰা আৰম্ভ কৰি সহকাৰী কমাণ্ডেণ্ট পৰ্যায়লৈ নিযুক্তি দিয়া হৈছিল। প্ৰায় এবছৰীয়া প্ৰশিক্ষণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত ১৯৮৭ চনত ৰাজধানী নতুন দিল্লীত বাহিনীটোৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছিল। চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ লৈ বাহিনীটোৰ বিষয়া – জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰিছিল সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীয়ে। হেড কনিষ্টবল হিচাপে কৰ্মৰত হৈ থকাৰ মাজতে তেওঁ বাহিনীটোৰ বহু বিষয়া – জোৱানৰ সৈতে ১৯৮৮ চনত শ্ৰীলংকাত ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ হৈ এল টি টি ইৰ বিৰূদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, ৰাজস্থানৰ পৰা উত্তৰ পূবৰ কেবাখনো ৰাজ্যত তেওঁ উগ্ৰপন্থী বিৰোধী অভিযান, নক্সাল বিৰোধী অভিযানতো অংশগ্ৰহণ কৰিছিল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা কেবাটাও অভিযানত তেওঁ কথমপি মৃত্যুৰ মুখৰ পৰা সোভাগ্যক্ৰমে ৰক্ষা পৰিছিল। ইফালে ১৯৮৬ চনত প্ৰথমটো মহিলা বেটেলিয়ান গঠন হোৱাৰ সময়ত সহকাৰী কমাণ্ডেণ্ট পদত নিযুক্তি পোৱা দিয়া মহিলা বিষয়াসকলৰ কেবাজনেও মহা পৰিদৰ্শক পদবীৰ অৱসৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলৈ কেইমাহমান বাকী থকা মহা পৰিদৰ্শক সীমা দধীয়া আৰু চি আৰ পি এফৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ বিশেষ উদ্যোগত ২৫ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তি বা এলুমনি মীটৰ আয়োজন কৰা হৈছিল। ১৯৮৬ চনত প্ৰায় ১,২০০ জন মহিলা বিষয়া – জোৱানক লৈ গঠন কৰা ৮৮ চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানত অসমৰ ৪০ জনী মহিলাকে ধৰি উত্তৰ পূবৰ ৮৭ জনে নিযুক্তি লাভ কৰিছিল। তাৰ ভিতৰত এলুমনি মীটত প্ৰায় ২৫০ জনী অৱসৰী মহিলাই ভাগ লয়।
সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত অনুষ্ঠিত বৰ্ষপূৰ্তি বা এলুমনি মীটত অসমৰ প্ৰায় ২০ জনী অৱসৰী মহিলা বিষয়া জোৱানে ভাগ লৈ পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে। ১৯৮৬ চনত এটা মহিলা বেটেলিয়ানেৰে যাত্ৰা আৰম্ভ কৰা চি আৰ পি এফত বৰ্তমান মহিলা বেটেলিয়ানৰ সংখ্যা হৈছে ছয়টা। বৰ্তমান বাহিনীত মহিলা বিষয়া জোৱানৰ সংখ্যা হৈছে মাত্ৰ ৬.২৫ শতাংশ । সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অদূৰ ভৱিষ্যতে এই সংখ্যা ৩৩ শতাংশলৈকে উন্নীত কৰা হব বুলি আশ্বাস প্ৰদান কৰিছে। উল্লেখ্য যে চাকৰি জীবনত মীনা দাস বৰাই চি আৰ পি এফ , চি আই এছ এফ, এছ এছ বি , আই টি বি পি, অসম ৰাইফলছ আদিৰ দৰে কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনী ( চি এ পি এফ ) বা অৰ্দ্ধ সামৰিক বাহিনীত কেনেকৈ যুৱক – যুৱতীসকলে নিযুক্তি লাভ কৰিব পাৰে তাৰ বাবে তেজপুৰৰ নিজা বাসগৃহ চৌহদত বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সেই প্ৰশিক্ষণ লাভ কৰি কেবাজনো যুৱক – যুৱতীয়ে অৰ্দ্ধ সামৰিক বাহিনীত নিযুক্তি লাভ কৰিছে। য’ত তেজপুৰৰ ভিতৰুৱা গাঁৱৰ দুজনী বাই ভনীৰ ভিতৰত এজনীয়ে অসম ৰাইফলছত আৰু আনজনীয়ে চি আই এছ এফত নিযুক্তি লাভ কৰিছে। যিটো কথাই তেওঁক আনন্দিত কৰি আহিছে। আনকি মাতৃৰ অনুপ্ৰেৰণা লাভ কৰি তেওঁৰ ডাঙৰ জীয়ৰী নেহা বৰাই প্ৰায় চাৰি বছৰ পূৰ্বে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কঠিন পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ চি আই এছ এফত সহকাৰী কমাণ্ডেণ্ট হিচাপে নিযুক্তি লাভ কৰিছে। বৰ্তমান নেহা বৰাই ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্মৰত হৈ আছে।
