ওড়িশাৰ ধেংকনাল নতুন যুগৰ যোগাযোগৰ ভৱিষ্যতৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। এই কথা সদৰি কৰিছে কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ধেংকনালৰ স্কিল ইণ্ডিয়া চেণ্টাৰ(এছআইচি)ৰ লক্ষ্য হৈছে অঞ্চলটোৰ দক্ষতা বিকাশৰ পৰিৱেশ শক্তিশালী কৰা, একবিংশ শতিকাৰ দক্ষতাৰ সুবিধা বৃদ্ধি কৰা। এছ আই চিৰ শুভাৰম্ভণিয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাসমূহ অন্বেষণ কৰি ব্যৱহাৰৰ বাবে উচ্চমানৰ শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা পদক্ষেপত আইআইএমচিৰ দৰে প্ৰতিষ্ঠানৰ পৰা অনুপ্ৰাণিত হৈছে।
এই পদক্ষেপে আজিৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে প্ৰস্তুত কৰিব নিবনুৱা যুৱক-যুৱতীক। এছআইচিৰ শুভাৰম্ভণিয়ে ধেংকনালক ভৱিষ্যতৰ দক্ষতা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব, যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকলে লাভজনক কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে নিয়োগৰ ক্ষেত্ৰখনত প্ৰয়াস কৰি থকা বা প্ৰস্তুতি চলাই থকা উঠি অহা চামৰ মাজত আস্থা জাগ্ৰত কৰিব।
মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, স্কিল ইণ্ডিয়া কেন্দ্ৰই গ্ৰাফিক ডিজাইন, আতিথ্য, প্ৰযুক্তি সেৱা আৰু চামৰা উদ্যোগৰ দৰে নতুন যুগৰ দক্ষতাৰে চাকৰি প্ৰত্যাশী আৰু যুৱতীসকলক প্ৰশিক্ষণ দিব। নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক দক্ষতা, পুনৰ দক্ষতা আৰু দক্ষতাৰ উত্থানৰ জৰিয়তে শক্তিশালী কৰাৰ লক্ষ্য হাতত লোৱা হৈছে।