শিক্ষাৰ্থীৰ মাহজোৰা তীব্ৰ আন্দোলনৰ ওচৰত অৱশেষত নতশিৰ হ’বলৈ বাধ্য হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। পৰীক্ষাৰ অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হোৱা দেশজোৰা উত্তাল পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰধানে।
কেন্দ্ৰীয় চৰকাৰ আৰু ‘ককৰোচ জনতা পাৰ্টি’ৰ মাজত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ আলোচনাৰ ঠিক কিছু ঘণ্টা পূৰ্বে সামাজিক মাধ্যম ‘এক্স’ৰ মাধ্যমেৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে বিদায়ী শিক্ষামন্ত্ৰীগৰাকীয়ে। পদত্যাগৰ কথা ঘোষণা কৰি সামাজিক মাধ্যমৰ পোষ্টটোত ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰে, “দেশৰ যুৱপ্ৰজন্মৰ আকাংক্ষা, অনুভূতি আৰু ন্যায়সংগত প্ৰত্যাশাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে। ভাৰতৰ নতুন প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক সংকল্প।” ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশসেৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানে।
উল্লেখ্য যে, নতুন দিল্লীৰ যন্তৰ-মন্তৰত বিগত এমাহ ধৰি অৱস্থান কৰা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মূল দাবীয়েই আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ। আলোচনাৰ টেবুলতো শিক্ষামন্ত্ৰীৰ পদত্যাগক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছিল। শনিবাৰে পুৱা স্পষ্ট ভাষাৰে চৰকাৰক এই বিষয়ে স্পষ্ট বাৰ্তা দি চিজেপিয়ে পুনৰ কয় যে ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ নকৰা পৰ্যন্ত কোনো ধৰণৰ আলোচনাত বহা নহ’ব।
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ লগে লগে আন্দোলনকাৰীৰ মূল দাবীসমূহ গ্ৰহণ কৰে চৰকাৰে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে যন্তৰ-মন্তৰৰ মঞ্চৰ পৰা এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয়, “আমাৰ সংগ্ৰাম সফল হ’ল। এই চৰকাৰত কোনো পদত্যাগ নকৰে বুলি সকলোৱে কৈছিল, কিন্তু আমি তাক সম্ভৱ কৰি তুলিলোঁ।” ইফালে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগে আনন্দত অধীৰ হৈ পৰে প্ৰতিবাদস্থলীত উপস্থিত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। সামাজিক মাধ্যমত বিকশিত হোৱা এই আন্দোলনৰ পৰিণতি সন্দৰ্ভত “ছাত্ৰ শক্তি জিন্দাবাদ” বুলি সংক্ষিপ্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিজেপিয়ে।
