উত্তৰ-পূৰ্বাঞ্চলত বৃক্কৰ স্বাস্থ্যসেৱা সুদৃঢ় কৰা আৰু উন্নত চিকিৎসা শিক্ষাৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি চি কে বিৰলা হাস্পতালছ, চিএমআৰআই-এ অসম চৰকাৰৰ সহযোগত বৃক্ক সংৰোপনৰ ওপৰত এক বিশেষ কণ্টিনিউয়িং মেডিকেল এডুকেচন (চিএমই) কাৰ্যসূচীৰ আয়োজন কৰে। এই বিদ্যায়তনিক কাৰ্যসূচী ২৭ জুন তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা গুৱাহাটীৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত হয়। সহযোগিতা, উদ্ভাৱন আৰু দক্ষতাৰ জৰিয়তে বৃক্কৰ যত্ন-চিকিত্সাৰ অগ্ৰগতি শীৰ্ষক বিষয়বস্তুক আধাৰ কৰি আয়োজন কৰা এই কাৰ্যসূচীত বিশিষ্ট নেফ্ৰ’লজিষ্ট, ইউৰ’লজিষ্ট, ট্ৰান্সপ্লাণ্ট চাৰ্জন, চিকিৎসক আৰু স্বাস্থ্যসেৱা বিশেষজ্ঞসকলে একেখন মঞ্চত সমবেত হৈ বৃক্ক সংৰোপনৰ শেহতীয়া উদ্ভাৱন আৰু সৰ্বোত্তম পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰে।
পাঁচটা দশকৰো অধিক সময়ৰ ক্লিনিকেল উৎকৃষ্টতাৰে ভাৰতৰ অন্যতম আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা চি কে বিৰলা হাস্পতাল(চিএমআৰআই)-এ অত্যাধুনিক প্ৰযুক্তি, বহুমুখী দক্ষতা আৰু ৰোগী-কেন্দ্ৰিক চিকিৎসাৰ জৰিয়তে সদায় উন্নত সেৱা আগবঢ়াই আহিছে। এই চিএমই কাৰ্যসূচীয়ে জ্ঞানৰ আদান-প্ৰদান বৃদ্ধি কৰা, ক্লিনিকেল দক্ষতা উন্নত কৰা আৰু সহযোগিতামূলক বিদ্যায়তনিক অংশগ্ৰহণৰ জৰিয়তে স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ ধাৰাবাহিক প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।
এই বৈজ্ঞানিক কাৰ্যসূচীখনৰ আৰম্ভণিতে চিকে বিৰলা হাস্পতাল(চিএমআৰআই)ৰ ইউনিট হেড ড০ সোমব্ৰত ৰায়ে এক আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে বিশিষ্ট বিশেষজ্ঞসকলৰ দ্বাৰা বৈজ্ঞানিক অধিৱেশনসমূহ অনুষ্ঠিত হয়। জেনেৰেল এডভান্সড ৰব’টিক চাৰ্জাৰী আৰু ৰেনেল ট্ৰান্সপ্লাণ্ট চাৰ্জাৰীৰ কনচালটেণ্ট ড০ ফৰকান বাবু শ্বেখে ৰব’টিক ৰেনেল ট্ৰান্সপ্লাণ্টেশ্যন সন্দৰ্ভত বক্তব্য ৰাখে। আনহাতে ইউৰ’লজিৰ কনচালটেন্ট ড০ আজিজ এম.ডি. আতিকুল ইছলামে ৰেট্ৰ’ নেফ্ৰেক্টমী বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰি আধুনিক অস্ত্ৰোপচাৰ পদ্ধতি আৰু বৃক্কৰ প্ৰক্ৰিয়াসমূহ অধিক সুৰক্ষিত আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত বক্তব্য ৰাখি চি কে বিৰলা হাস্পতাল(চিএমআৰআই)ৰ ইউনিট হেড ড০ সোমব্ৰত ৰায়ে এই বিষয়ে কয় যে, “প্ৰযুক্তি আৰু ৰোগীৰ যত্নৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ প্ৰগতিৰ লগে লগে বৃক্ক সংৰোপন ব্যৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে। এই চিএমই কাৰ্যসূচী চিকিৎসকসকলৰ বাবে জ্ঞানৰ আদান-প্ৰদান কৰা, নতুন উদ্ভাৱনসমূহ অন্বেষণ কৰা আৰু সমগ্ৰ অঞ্চলটোতে ট্ৰান্সপ্লাণ্ট কেয়াৰ সুদৃঢ় কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে আমি নিৰন্তৰ চিকিৎসা শিক্ষা আৰু ক্লিনিকেল উৎকৃষ্টতাৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৃক্কৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছোঁ।”
এই চিএমই কাৰ্যসূচীয়ে বিশেষজ্ঞসকলৰ মাজত বাৰ্তালাপ সহজতৰ কৰি আন্তঃশাখা সহযোগিতা বৃদ্ধি কৰি আৰু ট্ৰান্সপ্লাণ্ট মেডিচিনৰ শেহতীয়া গোলকীয় বিকাশসমূহ প্ৰসাৰিত কৰি উত্তৰ-পূৰ্বাঞ্চলত বৃক্কৰ স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। এনেধৰণৰ পদক্ষেপৰ জৰিয়তে বিশ্ব মানদণ্ডৰ চিকিৎসা জ্ঞান আৰু দক্ষতাক অধিক সুলভ কৰি তোলাৰ বাবে চি কে বিৰলা হাস্পতাল(চিএআৰআই)-এ নিজৰ দৃষ্টিভংগীক শক্তিশালী কৰি তুলিছে; যাৰ ফলত ৰোগীৰ আৰোগ্যৰ হাৰ উন্নত হ’ব আৰু অঞ্চলটোৰ চিকিৎসক সমাজ শক্তিশালী হ’ব।
বিদ্যায়তনিক অধিৱেশনসমূহৰ অন্তত এক সৌজন্যমূলক বাৰ্তালাপ আৰু নৈশ আহাৰেৰে কাৰ্যসূচীৰ সামৰণি পৰে, যিয়ে স্বাস্থ্যসেৱা পেছাদাৰীসকলক বিদ্যায়তনিক দিশৰ বাহিৰলৈ গৈও এক অৰ্থপূৰ্ণ সহযোগিতা গঢ়ি তোলা আৰু ধাৰণা বিনিময় কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে। আগশাৰীৰ বিশেষজ্ঞ আৰু চিকিৎসকসকলক একেখন চালিৰ তললৈ আনি এই চিএমই কাৰ্যসূচীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলজুৰি বৃক্কৰ স্বাস্থ্য সেৱা অধিক শক্তিশালী কৰাৰ বাবে এক অংশীদাৰিত্বমূলক দৃষ্টিভংগী গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে। ই এই আস্থাক পুনৰ দৃঢ় কৰে যে সহযোগিতা, উদ্ভাৱন আৰু ক্লিনিকেল উৎকৃষ্টতাই হৈছে বৃক্কৰ চিকিত্সাৰ ভৱিষ্যতৰ মূল আধাৰ।
