জালুকবাৰী , : বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ ( এন এছ এছ) সহযোগত লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত ৭ এপ্ৰিলত এক সচেতনতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । কাৰ্যসূচী উদ্ধোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ এণন এছ এছ কোষৰ কাৰ্যসূচী সমনয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ভাষণ প্ৰসংগত স্বাস্থ্য সুৰক্ষা, বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলা আৰু সুস্থ জীৱনশৈলী গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ কাকতিয়ে কয় যে এক সুস্থ সমাজ গঢ়ি তোলাত যুৱ সমাজ আৰু শিক্ষানুষ্ঠানসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
অনুষ্ঠানটোত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষ্মী কলিতা দত্তই চমু ভাষণত এই পদক্ষেপৰ প্ৰশংসা কৰি ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে বিদ্যালয়খনক ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে কিছুমান ক্ৰীড়া সামগ্ৰী প্ৰদান কৰা হয়। আনহাতে কাৰ্যসূচীত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুকুট কলিতাৰ উপৰিও ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ উৎসাহী অংশগ্ৰহণে অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰে । উল্লেখ্য যে স্বাস্থ্য সচেতনতা, পৰিচ্ছন্নতা আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল। এইবাৰ বিশ্ব স্বাস্থ্য দিৱসৰ মূল বাণী আছিল “স্বাস্থ্যৰ স্বাৰ্থত একত্ৰিত হওক: বিজ্ঞানৰ সৈতে থিয় হওক”। কাৰ্যসূচীৰ অন্তত সকলো অংশগ্ৰহণকাৰীয়ে একেলগে স্বাস্থ্য সচেতনতা বৃদ্ধি আৰু এক সুস্থ সমাজ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।
