মণিপুৰৰ চুৰাচান্দপুৰ জিলাত যোৱা নিশা আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত আটক কৰে ইউনাইটেড কুকি নেচনেল আৰ্মীৰ তিনিজনকৈ সন্দেহযুক্ত কেডাৰক। ত্ৰংলৌবীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা এই অভিযানত বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰৰ লগতে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যও জব্দ কৰিবলৈ সক্ষম হয় নিৰাপত্তাবাহিনী। ধৃত লোককেইজনক জাম্পাও কুকি, ছাছাং আৰু পলেলেম ভাইফেই বুলি চিনাক্ত কৰা হৈছে।
অভিযানকাৰী দলে কেডাৰকেইজনৰ জিম্মাৰ পৰা এটা এ কে-৪৭ ৰাইফল, এটা পিষ্টল, কেইবাটাও মেগজিন আৰু ৪০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। মাৰণাস্ত্ৰৰ উপৰি জব্দ হয় নগদ ২০,১০০ টকা আৰু দুটা বস্তাত ভৰাই থোৱা ২১.১৯ কেজি ওজনৰ কেঁচা আফিং। চুৰাচান্দপুৰ জিলাৰ কাষৰীয়া অঞ্চলসমূহক সামৰি এই অভিযান চলোৱা হৈছিল বুলি মণিপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে।
ইফালে, জিলাখনৰ মোলফেই তাম্পাক অঞ্চলত চলোৱা আন এক পৃথক কাৰ্যসূচীত উদ্ধাৰ কৰা হয় অধিক মাৰণাস্ত্ৰ। এই অভিযানত এটা এমপি-৯ স্বয়ংক্ৰিয় ৰাইফেল, এটা পিষ্টল, দুটা লেথোড টিউব আৰু থলুৱাভাৱে নিৰ্মিত এটা টোপ জব্দ হয়। ইয়াৰ লগতে কেইবাটাও কাৰ্টিজ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে।
বৰ্তমান সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰখা হৈছে। এই বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু ড্ৰাগছ উদ্ধাৰ হোৱা কাৰ্যই এতিয়া অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
