অৱসৰ গ্ৰহণলৈ আৰু মাত্ৰ পাঁচ দিন বাকী। কিন্তু তাৰ পূৰ্বেই দুৰ্নীতি প্ৰতিৰোধ আইন আৰু প্ৰতাৰণাৰ গোচৰ ৰুজু হ’ল হাৰিয়ানা কেডাৰৰ ১৯৯৫ বেচৰ জ্যেষ্ঠ আই এ এছ বিষয়া ডি সুৰেশৰ বিৰুদ্ধে। কোটিটকীয়া চৰকাৰী মাটি অতি কম মূল্যত আবণ্টন দি চৰকাৰী কোষাগাৰৰ বৃহৎ ক্ষতিসাধন কৰাৰ অভিযোগত ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰে এই এজাহাৰ। মুখ্য সচিবৰ অনুমোদনৰ পিছত ২৬ আগষ্টত এই গোচৰটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হয়। উল্লেখ্য যে, যোৱা ৩১ আগষ্টত অৱসৰ লোৱাৰ কথা আছিল বিষয়াগৰাকীয়ে।
দুৰ্নীতি নিবাৰক শাখাৰ এজাহাৰ অনুসৰি, গুৰুগ্ৰামৰ অভিজাত ছেক্টৰ-২৩ত অৱস্থিত ৫০০ বৰ্গগজৰ এটা এইচ এছ ভি পিৰ প্লটক কেন্দ্ৰ কৰি এই অনিয়ম সংঘটিত হৈছিল। তদন্তকাৰী সংস্থাৰ তথ্য মতে, বজাৰত প্ৰায় ৩.৫ কোটি টকা আৰু চৰকাৰীভাৱে ১.৭৫ কোটি টকা কালেক্টৰ ৰেট নিৰ্ধাৰিত থকা এই বহুমূলীয়া মাটিখিনি অভিযুক্ত জ্যেষ্ঠ আই এ এছ বিষয়া ডি সুৰেশে মাথোঁ ৬.৭১ লাখ টকাত ব্যক্তিগত পক্ষক হস্তান্তৰ কৰিছিল। ১৯৮৮ চনৰ এটি পুৰণি প্লটৰ বাকী ধন আদায় নিদিয়াৰ বাবে ২০০২ চনত এইচ এছ ভি পিয়ে ইয়াক পুনৰ নিজৰ দখললৈ আনিছিল।
ইফালে, সুদীৰ্ঘ সাত বছৰ ধৰি চলা ভিজিলেন্স তদন্তত আদালতৰ ভুৱা নিৰ্দেশ ব্যৱহাৰ কৰি মাটি হস্তান্তৰ কৰাৰ জালিয়াতি ধৰা পৰে। তদন্ত প্ৰতিবেদনৰ মতে, আন এটা প্লট পুনৰুদ্ধাৰ সম্পৰ্কীয় আদালতৰ পুৰণি নিৰ্দেশৰ আলম লৈ সংশ্লিষ্ট বিষয়াসকলে এই মাটিখিনিৰ নামত ভুৱা নথি প্ৰস্তুত কৰিছিল।
২০১৯ চনৰ মাৰ্চ মাহত ডি সুৰেশ এইচ এছ ভি পিৰ মুখ্য প্ৰশাসক হৈ থকাৰ সময়তে নীতি-নিয়ম উলংঘা কৰি পুৰণি সিদ্ধান্ত বাতিল কৰিছিল আৰু নামমাত্ৰ মূল্যত মাটিখিনিৰ হস্তান্তৰ কাৰ্য সম্পূৰ্ণ কৰোৱাইছিল। এজাহাৰত তদানীন্তন ইষ্টেট বিষয়া মুকেশ কুমাৰসহ মুঠ ৯ জন ব্যক্তিক অভিযুক্ত হিচাপে নামাংকিত কৰা হৈছে। এই ঘটনাই সমগ্ৰ হাৰিয়ানাৰ প্ৰশাসনীয় মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।
