নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ ভুৱা প্ৰলোভন দি কোটি কোটি টকা লুটিলে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাই। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অনুপমা দেৱী আৰু তেওঁৰ ভগ্নী দীপিকা দেৱীৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত দাখিল হৈছে এই বিস্ফোৰক অভিযোগ। অভিযোগ অনুসৰি, প্ৰায় ৭০ৰ পৰা ৮০ গৰাকী চাকৰি প্ৰাৰ্থীৰ পৰা প্ৰায় ১৮ কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছে প্ৰাক্তন অধ্যক্ষাগৰাকীয়ে।
অৱসৰপ্ৰাপ্ত অধ্যক্ষা অনুপমা দেৱীৰে এসময়ৰ ছাত্ৰ ধ্ৰুৱজ্যোতি হালৈয়ে দাখিল কৰা এজাহাৰ অনুসৰি, বৰমা, পাটাছাৰকুছি, নলবাৰী আদি অঞ্চলৰ নিবনুৱাসকলক লক্ষ্য কৰি লোৱা হৈছিল। ২০২৪ বৰ্ষৰ পৰা বিটিচিৰ বিভিন্ন বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি এই বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰে এটা চক্ৰই। প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকাৰ সময়তে তেওঁৰ পৰিয়ালৰ সৈতে আত্মীয়তাৰ কথা কৈ চাকৰি প্ৰাৰ্থীসকলক পতিয়ন নিয়াইছিল এই অভিযুক্তসকলে।
অভিযোগকাৰী হালৈৰ দাবী অনুসৰি, তেওঁৰ দিছপুৰস্থিত এছ বি আই শাখাৰ বেংক একাউণ্টৰ জৰিয়তে এই সকলো আৰ্থিক লেনদেন কৰোৱা হৈছিল। অনুপমা দেৱীয়ে সংগ্ৰহ কৰা ধন হালৈৰ একাউণ্টত জমা কৰি পিছত উলিয়াই লৈছিল আৰু বিনিময়ত তেওঁকো এটা অংশ দিয়া হৈছিল। কিন্তু সময় পাৰ হৈ যোৱাৰ পিছতো এজনো প্ৰাৰ্থীক চাকৰি দিব নোৱাৰিলে অভিযুক্তসকলে।
পৰিস্থিতি জটিল হৈ পৰাৰ পিছত অনুপমা দেৱীয়ে হালৈক আত্মহত্যা কৰিবলৈকো উচতনি দিয়া বুলি এজাহাৰত উল্লেখ কৰা হৈছে। এই অভিযোগৰ ভিত্তিত পুলেন চন্দ্ৰ গোস্বামী, দীপিকা দেৱী, অনুপমা দেৱী, চক্ৰধৰ বৰ্মন আৰু বনজিৎ ৰয় নামৰ পাঁচজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰে হালৈয়ে। দিছপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ০৬১৭ নম্বৰত এক নিয়মীয়া গোচৰ ৰুজু কৰিছে। উপ-পৰিদৰ্শক দীপাংকৰ চুতীয়াই সমগ্ৰ ঘটনাৰ আনুষ্ঠানিক অনুসন্ধান চলাই আছে।
