শ্ৰীলংকাত বাক পূৰ্ণিমা পয়া দিৱস উদযাপন, ভাৰতৰ বৌদ্ধ ঐতিহ্য বিষয়ক প্ৰদৰ্শনীৰ আয়োজন

592

শ্ৰীলংকাত ভগৱান বুদ্ধৰ দ্বিতীয়বাৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ত মঙলবাৰে বাক পূৰ্ণিমা পয়া দিৱস উদযাপন কৰা হয়। এই পৱিত্ৰ উৎসৱ উপলক্ষে কলম্বোত ভাৰতৰ চহকী বৌদ্ধ ঐতিহ্য-সংস্কৃতি বিষয়ক এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। শ্ৰীলংকাত বৌদ্ধ ধৰ্ম অনুগামীসকলৰ মাজত এই দিৱসৰ বিশেষ তাৎপৰ্য আৰু গুৰুত্ব আছে, যাৰ বাবে বাক পূৰ্ণিমা পয়া দিৱসতো দেশত ধাৰ্মিক বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। ধৰ্মীয় উৎসৱ উদযাপনৰ বাবে এক বিশাল-বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝা উপস্থিত আছিল।

কলম্বোৰ ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে, “বাক পূৰ্ণিমা পয়া দিৱস উপলক্ষে উচ্চায়ুক্ত সন্তোষ ঝা আৰু পৰম ধম্ম চেতিয়া পিৰিভেনা ভেনাৰ মুখ্য কাৰ্যকৰ্তা ড০ মৈথিপে উইমালাচাৰা মহা থেৰাই শ্ৰীলংকাৰ পিৰিভানাত ভাৰতৰ বৌদ্ধ ঐতিহ্য সম্পৰ্কীয় এখন প্ৰদৰ্শনী উদ্বোধন কৰে।” এই সময়ছোৱাত বৌদ্ধ ধৰ্ম আৰু ভাৰত বিষয়ক বিভিন্ন গ্ৰন্থও দান কৰা হয়। “এই প্ৰদৰ্শনীখন হৈছে কলম্বোত আয়োজিত ভাৰতীয় উচ্চায়ুক্তৰ ভ্ৰাম্যমাণ প্ৰদৰ্শনী শৃংখলাৰ তৃতীয়খন প্ৰদৰ্শনী, যিয়ে এই বছৰ প্ৰতিটো পয়া দিৱস(পূৰ্ণিমা)ত বিভিন্ন বৌদ্ধ ধৰ্মস্থানত প্ৰদৰ্শিত হ’ব,” ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত এইদৰে উল্লেখ কৰে।

ভাৰতৰ ভূমিত উদ্ভৱ হোৱা বৌদ্ধ ধৰ্ম শ্ৰীলংকাৰ এক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্ম। প্ৰাচীন কালৰে পৰাই দুয়োখন দেশৰ মাজত শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আছে, যি সম্পৰ্ক বছৰ বছৰ বাগৰাৰ পিছতো এতিয়া শক্তিশালী হৈ আছে। ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাত ভাৰতে দ্বীপৰাষ্ট্ৰখনত ৰামায়ণৰ সৈতে সম্পৰ্কিত স্থানসমূহৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।