বাংলাদেশ ক্ৰিকেট দলৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ। চিলেটত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত বাংলাদেশে পাকিস্তানক ৭৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে বাংলাদেশে ২-০ত শৃংখলা দখল কৰে।প্ৰথমবাৰৰ বাবে পাকিস্তানে বাংলাদেশত টেষ্ট শৃংখলাত পৰাস্ত হোৱাই নহয়, তেঁওলোকৰ সমগ্ৰ দলটোৱে বাংলাদেশৰ সন্মুখত আত্মসমৰ্পণো কৰে। ঢাকাত অনুষ্ঠিত প্ৰথমখন টেষ্টত বাংলাদেশে ১০৪ ৰানত জয়লাভ কৰে।
ছিলেটত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত জয়ী হ’বলৈ পঞ্চম দিনা ১২১ ৰানৰ প্ৰয়োজন হৈছিল পাকিস্তানৰ, বাকী আছিল তিনিটা উইকেট। বুধবাৰে যেতিয়া পাকিস্তানে বেটিং কৰিবলৈ ওলাই আহিছিল তেতিয়া তেওঁলোকে ৭ উইকেটত ৩১৬ ৰান কৰিছিল। ইয়াৰ পিছৰ তিনিটা উইকেটত ৪২ ৰানহে সংযোজন কৰিবলৈ সক্ষম হয়। পাকিস্তানে ৩৫৮ ৰানত অল আউট হৈ মেচখনত ৭৮ ৰানত পৰাস্ত হয়। মঙলবাৰে ৭৫ ৰানত অপৰাজিত হৈ থকা উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানক নৱম উইকেট হিচাপে ৯৪ ৰান কৰি আউট হয়।
বাংলাদেশে চতুৰ্থ ইনিংছত জয়ী হ’বলৈ ৪৩৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। খেলখনত বাংলাদেশে প্ৰথমে বেটিং কৰি ২৭৮ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম ইনিংছত পাকিস্তানে ২৩২ ৰান কৰি বাংলাদেশৰ প্ৰথম ইনিংছৰ ভিত্তিত ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় ইনিংছত বাংলাদেশে ৩৯০ ৰান সংগ্ৰহ কৰি পাকিস্তানে ৪৩৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে।পাকিস্তানে ৩৫৮ ৰানত বল আউট কৰি ৭৮ ৰানত পৰাস্ত হয়। বাংলাদেশৰ উইকেটকীপাৰ-বেটছমেন লিটন দাসক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। লিটনে প্ৰথম ইনিংছত ১২৬ আৰু দ্বিতীয় ইনিংছত ৬৯ ৰান সংগ্ৰহ কৰে। উইকেটকীপাৰ-বেটছমেন মুছফিকুৰ ৰহিমক প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান প্ৰদান কৰা হয়। এই দুখন টেষ্ট শৃংখলাত ৰহিমে ২৫৩ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়বাৰৰ বাবে টেষ্ট শৃংখলাত পৰাজয় পাকিস্তানৰ। এই শৃংখলাৰ পূৰ্বে পাকিস্তানে ঘৰুৱা ক্ষেত্ৰত বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলাত ক্লীন ছুইপৰ সন্মুখীন হৈছিল।
