প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিলে আৰ্চেনাল এফ চিয়ে। দলটোৱে ২২ বছৰৰ পিছত এই খিতাপটো দখল কৰিছে, যাৰ ফলত এই কৃতিত্ব অত্যন্ত বিশেষ হৈ পৰিছে। দলটোৱে শেষবাৰৰ বাবে ২০০৪ চনত এই ট্ৰফী উত্তোলন কৰিছিল।ইংলেণ্ডৰ বৰ্ণমাউথৰ ভিটালিটি ষ্টেডিয়ামত মঙলবাৰে নিশা ডিফেণ্ডিং চেম্পিয়ন মানচেষ্টাৰ চিটি এফ চিৰ বিৰুদ্ধে এ এফ চি বৰ্ণমাউথৰ বিৰুদ্ধে ১-১ গ’লত ড্র’ হয়। পেপ গুৱাৰ্ডিঅ’লাৰ দলটোক খিতাপৰ দৌৰত থাকিবলৈ যিকোনো মূল্যতে জয়ৰ প্ৰয়োজন আছিল যদিও বৰ্ণমাউথৰ আকৰ্ষণীয় প্ৰদৰ্শনে তেওঁলোকৰ আশাক ম্লান কৰি পেলালে।
খেলখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৩৯ মিনিটত ১৯ বছৰীয়া ফ্ৰান্সৰ এলি জুনিয়ৰ ক্ৰুপিয়ে বৰ্ণমাউথক এক সুন্দৰ গ’ল দি অগ্ৰগতি প্ৰদান কৰে। আৰ্লিং হালেণ্ডৰ সমতা স্থাপনৰ ফলত চিটিৰ প্ৰত্যাৱৰ্তনৰ সূচনা হয় আৰু জয়ৰ আশাও জগাই তুলিছিল যদিও মানচেষ্টাৰৰ আনন্দ অল্পকালীন আছিল। কেইছেকেণ্ডমানৰ পাছত মেচখন বাতিল কৰি মানচেষ্টাৰ চিটিৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰাৰ সপোন ভংগ হয়।মাইকেল আৰ্টেটাৰ নেতৃত্বত আৰ্চেনালে এক সুন্দৰ খেল খেলিছিল। পূৰ্বৰ দিনটোত ইতিমধ্যে ৰেলিগেট হোৱা বাৰ্নলী এফ চিক ১-০ গ’লত পৰাস্ত কৰি দলটোৱে নিজকে শক্তিশালী স্থানত ৰাখিছিল। এটা ছিজনত কৰ্ণাৰ কিকৰ পৰা সৰ্বাধিক গ’ল দিয়াৰ ক্ষেত্ৰতো আৰ্চেনালে প্ৰিমিয়াৰ লীগৰ অভিলেখ গঢ়িছিল।
মানচেষ্টাৰ চিটি আৰু বৰ্ণমাউথৰ মাজত ড্ৰ’ হোৱাৰ খবৰ পোৱাৰ লগে লগে এমিৰেটছ ষ্টেডিয়ামৰ বাহিৰত আৰ্চেনালৰ হাজাৰ হাজাৰ সমৰ্থকে উদযাপন কৰিবলৈ আৰম্ভ কৰে। এতিয়া আৰ্টেটাৰ দলটোৱে ইতিহাস ৰচনা কৰাৰ আন এক সুযোগ লাভ কৰিছে। ৩০ মে’ত বুডাপেষ্টত অনুষ্ঠিত হ’বলগীয়া ইউএফএ চেম্পিয়নছ লীগ ফাইনেল ২০২৫ত আৰ্চেনালে পেৰিছ ছেইণ্ট জাৰ্মেইন এফ চিৰ বিৰুদ্ধে খেলিব।
