গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক ৷ আৰক্ষীৰ জালত শিশু, মহিলাসহ অবৈধ বাংলাদেশী নাগৰিক ৷অবৈধ বাংলাদেশী নাগৰিকক আশ্ৰয় দিছে পল্টনবজাৰৰ একাংশ হোটেল কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে এই কথা ৷ঘটনা অনুসৰি আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে ৷লোকসকল বাংলাদেশৰ ঢাকা, বগুৰা, ৰাজবাৰী, নড়াইল আৰু জামালপুৰ জিলাৰ বাসিন্দা ৷ ৫ অক্টোবৰত অসমত প্ৰৱেশ কৰি দলটোৱে টকৌবাৰীৰ ‘হোটেল ভিণ্টেজ’ত আশ্ৰয় লৈ আছিল, যাতে ট্ৰেইনেৰে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব পাৰে ৷”ইফালে আৰক্ষীয়ে আটক কৰা এগৰাকী বাংলাদেশী মহিলাৰ পৰা এখন বৈধ আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে, য’ত গুজৰাটৰ ঠিকনা উল্লেখ আছে ৷ এই সন্দৰ্ভত তেওঁ কয়,”মহিলাগৰাকীয়ে পূৰ্বতে ভাৰতত প্ৰৱেশ কৰি গুজৰাটত আছিল আৰু তাতেই বিবাহপাশতো আৱদ্ধ হৈছিল ৷ বৰ্তমান পানবজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷
