লোকসভাৰ মজিয়াত মহিলা সংৰক্ষণ বিধেয়ক ধৰাশায়ী হোৱাক লৈ এতিয়া বিৰোধীৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শাসনৰ ১২ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংসদত চৰকাৰী বিধেয়ক এখনৰ এনে লজ্জাজনক পতনক লৈ সমগ্ৰ দেশতে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সূচনা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই ১৭ এপ্ৰিলৰ দিনটোক সংসদীয় ইতিহাসৰ এক ‘কলা দিন’ বুলি অভিহিত কৰি বিৰোধীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।
সামাজিক মাধ্যম এক্সত এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া আক্ৰমণ চলাই বিৰোধী দলসমূহক দোষী সাব্যস্ত কৰে। শৰ্মাই কয়, “এই পৰাজয়ৰ জৰিয়তে বিৰোধীৰ প্ৰকৃত মুখখন ওলাই পৰিল; তেওঁলোকে কেতিয়াও মহিলাসকলক অধিক ৰাজনৈতিক শক্তি দিয়াটো নিবিচাৰে।” মহিলাসকলক উচিত ৰাজনৈতিক অংশীদাৰিত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীৰ কোনো আন্তৰিকতা নাই বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীজনে।
উল্লেখ্য যে, শুকুৰবাৰে লোকসভাত শাসকীয় পক্ষই উত্থাপন কৰা এই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে ২৯৮ গৰাকী আৰু বিৰোধিতা কৰে ২৩০ গৰাকী সাংসদে। সংসদত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত বিধেয়কখন বিফল হয়। মুঠ ৫২৮ গৰাকী সদস্য উপস্থিত থকা সদনত বিধেয়কখন গৃহীত হ’বলৈ ৩৫২ টা ভোটৰ প্ৰয়োজন আছিল যদিও সংখ্যাতত্ত্বৰ এই যুঁজত ধৰাশায়ী হয় শাসকীয় পক্ষ।
বিৰোধী পক্ষই এই মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰাৰ নেপথ্যত আছিল চৰকাৰৰ এক গোপন ৰাজনৈতিক অভিসন্ধি। সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জাতিগত লোকপিয়লৰ সৈতে এই সংৰক্ষণক যুক্ত কৰি বিজেপিয়ে ২০২৯ চনলৈকে ইয়াক পিছুৱাই দিয়াৰ এক ‘কৌশল’ অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব হ্ৰাস কৰি বিজেপিৰ সুবিধা হোৱাকৈ ৰাজনৈতিক মানচিত্ৰ পুনৰ অংকন কৰাৰ যি ভয়, তাক লৈয়েই ঐক্যবদ্ধ বিৰোধীয়ে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে।
সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়কৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ খনৰ পৰা ৮১৬ খনলৈ বৃদ্ধিৰ লক্ষ্য লৈছিল কেন্দ্ৰীয় চৰকাৰে। ২০১১ চনৰ লোকপিয়লৰ দোহাই দি ২০২৯ চনৰ নিৰ্বাচনৰ পূৰ্বেই ৩৩ শতাংশ মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ যি কুচকাৱাজ চলিছিল, তাক বিৰোধীয়ে ভোটদানৰ জৰিয়তে ধূলিস্যাৎ কৰে। সংসদৰ মজিয়াত হোৱা এই বৃহৎ বিপৰ্যয়ৰ পাছত এতিয়া শাসক আৰু বিৰোধীৰ মাজত নাৰী শক্তিৰ প্ৰকৃত অধিকাৰক লৈ আৰম্ভ হোৱা এই সংঘাত এতিয়া ৰাজপথলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
