ৰাজ্যৰ বিধ্বংসী বানত প্ৰাণ হেৰুৱালে ১০২ জন লোকে! শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এইবাৰৰ বাৰিষাৰ বানত নিহতৰ সংখ্যা ১০২জনলৈ বৃদ্ধি পায়। ১১ আগষ্টৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ৭খন জিলাত এতিয়াও প্ৰায় ১.১২ লাখ লোক বানৰ কবলত আছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বানৰ প্ৰভাৱত আছে ২৫টা ৰাজহ চক্ৰ। ৪৭টা সাহায্য শিবিৰত এতিয়াও আশ্ৰয় লৈ আছে প্ৰায় ৭,৯৮২জন লোকে।
শিৱসাগৰ জিলাত পৰিস্থিতিৰ অৱনতি অব্যাহত আছে। জিলাখনৰ ৫টা ৰাজহ চক্ৰ আৰু ৪৭৬খন গাঁও বানৰ কবলত থকাৰ লগতে প্ৰাৰম্ভিক হিচাপত প্ৰায় ৫.৭৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। তিনিটা ৰাজহ চক্ৰ এতিয়াও জলমগ্ন হৈ আছে। প্ৰায় ২৮,৩৫৬ হেক্টৰ ভূমি পানীৰ তলত থকাৰ লগতে ৩,৮০৪টা বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। হাঁহ-কুকুৰা আৰু গৰু-ম’হসহ প্ৰায় ২ লাখ পশুধনৰ ক্ষতি হোৱা বুলি প্ৰাৰম্ভিক হিচাপত প্ৰকাশ পাইছে।
চৰাইদেউতো বানৰ পৰিস্থিতি জটিল হৈ আছে। জিলাখনৰ ৩টা ৰাজহ চক্ৰ আৰু ১৯৩খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ২ লাখ লোক বানৰ কবলত থকাৰ বিপৰীতে ২৪টা সাহায্য শিবিৰ আৰু ২৫৩টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে। জিলাখনত বানত ২২জন লোকৰ মৃত্যু হৈছে আৰু ৫,৬৯৮জনক উদ্ধাৰ কৰা হৈছে। প্ৰায় ১৮,৪৪৯ হেক্টৰ শস্যভূমি জলমগ্ন হোৱাৰ লগতে ৪৮৮টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
যোৰহাটত ৫টা ৰাজহ চক্ৰ আৰু ১০৪খন গাঁৱৰ প্ৰায় ১.৬৬ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ৩৯টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় ৯,৬৫৯জন লোকে। জিলাখনত ৭,০০০ হেক্টৰতকৈ অধিক শস্যভূমি ক্ষতিগ্ৰস্ত বা জলমগ্ন হৈছে। জিলাখনত এইবাৰৰ বানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে।
ইফালে, গোলাঘাটত ৬টা ৰাজহ চক্ৰ আৰু ২৫৪খন গাঁও বানৰ কবলত পৰিছে। জিলাখনত ক্ষতিগ্ৰস্ত হৈছে এক লাখতকৈ অধিক লোক। ৫০টা সাহায্য শিবিৰত ৬,০০০ৰো অধিক লোক আশ্ৰয় লৈ আছে। জিলাখনত বানত ৮জন লোকৰ মৃত্যু হৈছে। ক্ষতিগ্ৰস্ত বাসগৃহৰ ক্ষয়-ক্ষতিৰ হিচাপ এতিয়াও চলি আছে।
সমগ্ৰ ৰাজ্যত ২,৭১৫খন গাঁও আৰু প্ৰায় ৮৪,৬৪৭ হেক্টৰ শস্যভূমি বানৰ প্ৰভাৱত পৰিছে। প্ৰাৰম্ভিক হিচাপত ৪৯টা মথাউৰি ছিগি যোৱাৰ লগতে ১০৪টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি ৩৬খন দলং আৰু ১,১০৮টা পথ ক্ষতিগ্ৰস্ত হৈছে।
বানাক্ৰান্ত লোকৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণে সাহায্য সামগ্ৰী যোগান ধৰিছে। ইয়াৰ ভিতৰত ৪৮,৫৫৮ কুইণ্টল চাউল, ১০,১৫৭ কুইণ্টল দাইল, ৪,০০৭ কুইণ্টল নিমখ, ১.৬৩ লাখ লিটাৰ সৰিয়হৰ তেল আৰু ৭৯,৫৩৪খন তিৰপাল আছে।
ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে ১৫,০০০ টকাকৈ প্ৰদান কৰা হৈছে। এতিয়ালৈকে ৬৪,৮৯১টা পৰিয়ালে এই সাহায্য লাভ কৰিছে। আন ৩১,২১২টা পৰিয়ালৰ সাহায্যৰ ধন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে।
