অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় অশ্মিতা।
২৬ বছৰীয়া বাঁওহাতী খেলুৱৈগৰাকীয়ে হানক ১৪-২১, ২১-১৪, ২১-১৪ পইণ্টত ৫৩ মিনিটত পৰাস্ত কৰি কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰে। লগতে ভাৰতৰ পৰা সুপাৰ ৩০০ বিজয়ীৰ অভিজাত ক্লাবতো স্থান লাভ কৰে।
গুৱাহাটীৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰত অনুশীলন কৰা অশ্মিতাই দেওবাৰে এই তালিকাত যোগ দিয়ে। পূৰ্বে প্ৰাক্তন বিশ্বৰ এ নম্বৰ ছাইনা নেহৱাল আৰু প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে এই পৰ্যায়ত বহু খিতাপ জয় কৰিছে। ইয়াৰ উপৰি ফেব্ৰুৱাৰীত দেৱিকা সিহাগে থাইলেণ্ড মাষ্টাৰ্ছ আৰু যোৱা সপ্তাহত তন্বী শৰ্মাই চাইনিজ টাইপেই অপেন খিতাপ দখল কৰিছিল।
খিতাপ জয়ৰ পিছত অশ্মিতাই কয়, “মই সঁচাকৈয়ে বহুত ভাল অনুভৱ কৰিছো আৰু এইটো অবিশ্বাস্য। কিন্তু এতিয়াও কথাটো হজম কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আৰু অধিকৰ বাবে ক্ষুধাতুৰ।”
বিশ্বৰ ৫০ নম্বৰ খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত হিনা আকেচিক পৰাস্ত কৰিছিল। ফাইনেলখনো তেওঁ ধুমধামে আৰম্ভ কৰে আৰু ৯-৫ পইণ্টত আগবাঢ়ে। কিন্তু তাৰ পিছত কেইবাটাও ভুলৰ বাবে তেওঁ ক্ৰমান্বয়ে ৫টা পইণ্ট হেৰুৱাই প্ৰথমখন গেম হাতৰ পৰা এৰি দিয়ে।
কিন্তু গুৱাহাটীত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈয়ে পৰৱৰ্তী দুখন গেমত ভুল শুধৰাই লয়। ৰেলিত ধৈৰ্য ধৰি খেলি আৰু গুৰুত্বপূৰ্ণ সময়ত পইণ্ট উলিয়াই ফাইনেলখন নিজৰ নামত লিখে।
অশ্মিতাই কয়, “প্ৰথমখন গেমত ড্ৰিফ্টৰ কাৰণে অলপ কঠিন আছিল। গতিকে মই সেইটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। কিন্তু দ্বিতীয়খনত আনফালে অধিক আৰামদায়ক আছিল আৰু ড্ৰিফ্ট কম আছিল। গতিকে মই সেইটো নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। আৰু তৃতীয়খনত ১১ পইণ্টৰ পিছত মই আকৌ ফাল সলনি কৰিলোঁ। গতিকে মই ভাল ফালটোত আছিলোঁ। মই যে ইয়াক সম্পূৰ্ণ কৰিব পাৰিলোঁ, সেইটোৰ বাবে মই সুখী।”
