সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ৰ আজিজ ডায়গনষ্টিক এণ্ড হাস্পতালৰ সৈতে যুটীয়াভাৱে এক বিশেষ অ’পিডি সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে অসম আৰু প্ৰতিৱেশী ৰাজ্যসমূহৰ বাবে উন্নত স্বাস্থ্যসেৱাৰ সূচলতা বৃদ্ধি কৰা। এই পদক্ষেপৰ জৰিয়তে স্নায়ুৰোগ, বৃক্কৰোগ আৰু কেন্সাৰ ৰোগৰ বিশেষজ্ঞ চিকিত্সকৰ পৰামৰ্শ প্ৰদান কৰা হ’ব, যাৰ ফলত ৰোগীসকলে বিশেষজ্ঞৰ মূল্যায়ন আৰু চিকিৎসা পৰিকল্পনাৰ বাবে মহানগৰসমূহলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। এই অ’পিডি পৰিচালনা কৰিব ক্ৰমে নিউৰ’চায়েন্সেচ বিভাগৰ ছিনিয়ৰ ডাইৰেক্টৰ তথা মুৰব্বী ডাঃ আতমপ্ৰীত সিং; নেফ্ৰ’লজী বিভাগৰ ডাইৰেক্টৰ ডাঃ কুনাল ৰাজ গান্ধী; আৰু মেডিকেল অংক’লজী বিভাগৰ ছিনিয়ৰ কনচুলেণ্ট ডাঃ অনিন্দ্য মুখাৰ্জীয়ে।
এই অঞ্চলটোত দীৰ্ঘদিনীয়া আৰু সংক্ৰামক নোহোৱা ৰোগৰ বৰ্ধিত প্ৰকোপৰ সময়তে এই সেৱা মুকলি কৰা হৈছে। ভাৰতৰ প্ৰাপ্তবয়স্কসকলৰ প্ৰায় ১৫-১৭ শতাংশ লোক ক্ৰনিক কিডনী ডিজিজ যেনে বৃক্কৰোগত আক্ৰান্ত, আনহাতে উত্তৰ-পূৰ্বাঞ্চলত দেশৰ ভিতৰতে খাদ্যনলী, পাকস্থলী, লিভাৰ আৰু মূৰ তথা ডিঙিৰ কৰ্কট ৰোগৰ সৰ্বাধিক ৰোগী পোৱা গৈছে। ষ্ট্ৰোক আৰু অন্যান্য স্নায়ুজনিত ৰোগো এই অঞ্চলত এক গুৰুতৰ জনস্বাস্থ্যৰ উদ্বেগৰ বিষয় হৈ পৰিছে। এই কেন্দ্ৰটোৱে বিশেষজ্ঞ পৰামৰ্শ, দ্বিতীয় মতামত, চিকিৎসাৰ পৰিকল্পনা, পৰৱৰ্তী চিকিত্সা আৰু প্ৰয়োজন সাপেক্ষে উন্নত পদ্ধতিৰ বাবে ৰেফাৰেল সেৱা আগবঢ়াব।
এই সন্দৰ্ভত গ্ৰুপ চিইঅ’ ডাঃ কৌছাৰ শ্বাহে কয় যে, এই সহযোগিতাৰ জৰিয়তে ৰোগীসকলক সময়মতে ৰোগ নিৰ্ণয়, বিশেষজ্ঞৰ ক্লিনিকেল নিৰ্দেশনা আৰু চিকিৎসাৰ ধাৰাবাহিকতা নিশ্চিত কৰি মানসম্পন্ন স্বাস্থ্যসেৱা ওচৰ চপাই অনাৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে, যাৰ ফলত যাত্ৰাৰ বোজা বহু পৰিমাণে হ্ৰাস পাব। বিশেষজ্ঞসকলেও স্নায়ুজনিত ৰোগ, বৃক্কৰোগ আৰু কৰ্কট ৰোগৰ ক্ষেত্ৰত উন্নত ফলাফল লাভৰ বাবে আগতীয়া ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
ডিব্ৰুগড়ত এই সেৱাৰ আৰম্ভণিয়ে চহৰখনক উজনি অসমৰ এক উদীয়মান স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় আৰু চুবুৰীয়া জিলাসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ ৰোগীসকলেও স্থানীয়ভাৱে ছুপাৰ-স্পেচিয়েলিটি পৰামৰ্শৰ সহজ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ ফলত যাত্ৰাৰ খৰচ আৰু চিকিৎসাৰ পলম হোৱা কাৰ্য হ্ৰাস পাব আৰু অঞ্চলটোত গুণগত স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধি পাব।
এই অ’পিডি সেৱা ডিব্ৰুগড়ৰ আজিজ ডায়গনষ্টিক এণ্ড হাস্পতালত ৰাতিপুৱা ১০:৩০ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ চলিব। ইয়াৰ সময়সূচী অনুসৰি প্ৰতি মাহৰ দ্বিতীয় শুক্ৰবাৰে বৃক্কৰোগ, প্ৰতি মাহৰ তৃতীয় শুক্ৰবাৰে কেন্সাৰ ৰোগ আৰু প্ৰতি মাহৰ চতুৰ্থ শুক্ৰবাৰে স্নায়ুৰোগৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।
