কৰ্তব্যস্থানলৈ যোৱাৰ পূৰ্বে ডিঙি চেপি হত্যা নিজৰ সাতমাহৰ অন্তঃসত্ত্বা পত্নীক! মহাৰাষ্ট্ৰৰ ৱাছিমত এই নৃশংস হত্যাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় সেনাৰ জোৱান স্বামী জ্ঞানেশ্বৰ মাদনেক। অভিযোগ অনুসৰি, কৰ্তব্যস্থলী জম্মু-কাশ্মীৰলৈ যোৱাৰ পূৰ্বে ৱাছিমত নিজৰ অন্তঃসত্ত্বা পত্নী দীপালীক হত্যা কৰে জ্ঞানেশ্বৰে।
ঘটনাৰ পিছত অৱশ্যে হত্যাকাণ্ডৰ কথা গোপনে ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে জোৱানজনৰ বিৰুদ্ধে। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত দীপালীৰ পৰিয়াললৈ ফোন কৰি জ্ঞানেশ্বৰে পত্নী ঘৰত পৰি যোৱাৰ লগতে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা জনায়। মধ্যপ্ৰদেশৰ বৰহানপুৰ জিলাত থকা দীপালীৰ পৰিয়াল নিশা প্ৰায় ৭ বজাত ৱাছিমত উপস্থিত হয়।
ইয়াৰ মাজতে দীপালীক এখন ব্যক্তিগত চিকিৎসালয়লৈ এম্বুলেঞ্চেৰে লৈ যায় জ্ঞানেশ্বৰে। চিকিৎসকে অৱশ্যে তেওঁক চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাত চিকিৎসাধীন কৰাৰ সময়তে দীপালীৰ ডিঙিত আঘাতৰ স্পষ্ট চিন দেখা পায় চিকিৎসকে। পৰিস্থিতি সন্দেহজনক বুলি ধৰা পৰাত চিকিৎসালয় কৰ্তৃপক্ষই তৎক্ষণাৎ আৰক্ষীক অৱগত কৰে।
চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে তদন্তত নামে আৰক্ষী। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, ঘটনাৰ পূৰ্বে জ্ঞানেশ্বৰ আৰু দীপালীৰ মাজত বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। সেই সময়তে জ্ঞানেশ্বৰে পত্নীৰ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয়ভাৱে, ইয়াৰ পিছদিনাই জ্ঞানেশ্বৰৰ জম্মু-কাশ্মীৰলৈ যোৱাৰ কথা আছিল।
আনহাতে, ঘটনাটোৰ আঁৰত পাৰিবাৰিক বিবাদৰ লগতে জ্ঞানেশ্বৰৰ পৰকীয়া সম্পৰ্কৰ অভিযোগো উত্থাপন কৰিছে দীপালীৰ পৰিয়ালে। মৃত মহিলাগৰাকীৰ ভাতৃ ৰাহুল মানেই অভিযোগ কৰে যে পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি জ্ঞানেশ্বৰে তেওঁৰ ভগ্নীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল। বিষয়টো মীমাংসাৰ বাবে কেইবামাহো পূৰ্বে দুয়োটা পৰিয়ালৰ মাজত বৈঠকো অনুষ্ঠিত হৈছিল যদিও তাৰ পিছতো হাৰাশাস্তি অব্যাহত আছিল বুলি ৰাহুলে অভিযোগ কৰে।
ইফালে, চৰকাৰী চিকিৎসালয়ত দীপালীৰ ডিঙিত আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীৰ লগতে চিকিৎসালয়ত উপস্থিত হয়। আৰক্ষী বিষয়া মনীষ ঠাকৰে কয় যে এম্বুলেঞ্চেৰে এগৰাকী মহিলাক চিকিৎসালয়লৈ অনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দলটো উপস্থিত হৈছিল আৰু তাতেই মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন প্ৰত্যক্ষ কৰে।
দীপালীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত জ্ঞানেশ্বৰ মাদনে আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। জ্ঞানেশ্বৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোৰ আঁৰৰ কাৰণ আৰু পাৰিবাৰিক বিবাদৰ অভিযোগকে ধৰি সমগ্ৰ বিষয়টো তদন্ত কৰি আছে আৰক্ষীয়ে।
