ক্ষমতালৈ অহাৰ পিছত দলীয় শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে পশ্চিমবংগ বিজেপিয়ে। ধনদাবী, দলীয় শৃংখলাভংগ আৰু আন কেইবাটাও অভিযোগত ২২ গৰাকী দলীয় বিষয়ববীয়াক নিলম্বন কৰাৰ সিদ্ধান্ত লয় দলটোৱে। নিলম্বিতসকলৰ ভিতৰত কেইবাজনো মণ্ডল সভাপতিও আছে।
জানিব পৰা মতে, যোৱা কেইসপ্তাহমানৰ পৰা ধনদাবীৰ সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছিল ৰাজ্যিক নেতৃত্ব। বিজেপি চৰকাৰৰ আমোলত এনে কাৰ্যকলাপ কোনো পৰিস্থিতিতেই সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
দলীয় সূত্ৰই সদৰি কৰা মতে, নিলম্বিত নেতাসকলৰ বিৰুদ্ধে ধনদাবীৰ লগতে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় বলপূৰ্বক দখলৰ চেষ্টা, বিৰোধী দলৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰখা আৰু দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।
যোৱা তিনি মাহ ধৰি ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা শৃংখলামূলক অভিযানৰ অংশ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ কলকাতা আৰু কাষৰীয়া জিলাসমূহৰ পৰা অভিযোগ লাভ কৰাৰ পিছত ২৫০ জনতকৈ অধিক নেতা-কৰ্মীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল দলটোৱে।
দলীয় সূত্ৰৰ মতে, সন্তোষজনক ব্যাখ্যা দাখিল কৰাত প্ৰায় ৮০ গৰাকী বিষয়ববীয়াক ৰেহাই দিয়া হয়। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ নিদিয়া অথবা অসন্তোষজনক ব্যাখ্যা দাখিল কৰা ২২ গৰাকী বিষয়ববীয়াৰ বিৰুদ্ধে নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে শৃংখলা সমিতিয়ে।
শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই দলীয় কৰ্মীসকলক ধনদাবীৰ সংস্কৃতি পৰিহাৰ কৰিবলৈ সকীয়াই দিছিল। তেওঁ উল্লেখ কৰিছিল, “পূৰ্বৰ শাসনৰ পৰা উত্তৰাধিকাৰসূত্ৰে অহা এই সংস্কৃতি এৰি নিদিলে পৰিস্থিতিৰ মোড় সলনি হ’ব পাৰে।” নিজৰ আচৰণ শুধৰাবলৈ ১৫ দিনৰ সময়ো দিছিল তেওঁ।
ইফালে, ৰাজ্যিক মন্ত্ৰী দিলীপ ঘোষ, অৰ্জুন সিং আৰু অগ্নিমিত্ৰা পালে ধনদাবীৰ অভিযোগত অভিযুক্ত কোনো ব্যক্তিক দলটোৱে সুৰক্ষা প্ৰদান নকৰিব বুলি পূৰ্বেই স্পষ্ট কৰি আহিছে।
উল্লেখ্য, পশ্চিমবংগৰ বাবে বিজেপিৰ কেন্দ্ৰীয় দায়িত্বপ্ৰাপ্ত নেতা সুনীল বানছলে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিনীয়া ৰাজ্য ভ্ৰমণসূচী গ্ৰহণ কৰিছে। এই সময়ছোৱাত দলীয় সংগঠন আৰু নতুন চৰকাৰৰ কাম-কাজ পৰ্যালোচনাৰ লগতে ধনদাবীৰ অভিযোগ আৰু শৃংখলাজনিত বিষয়সমূহও আলোচনাত প্ৰাধান্য লাভ কৰাৰ সম্ভাৱনা আছে।
