সংসদৰ বৰ্ষাকালীন অধিবেশনত চৰকাৰে ৰাজ্যসভাত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। বিত্তীয় বৰ্ষ ২০২৫-২৬ ত প্ৰৱৰ্তন সঞ্চালকালয়ে (ই ডি) ‘মানি লণ্ডাৰিং প্রতিৰোধ আইন’ (পি এম এল এ) ৰ অধীনত ১০৮০ টা গোচৰ পঞ্জীয়ন কৰিছে। এই সংখ্যাটো যোৱা চাৰি বছৰৰ ভিতৰত আটাইতকৈ বেছি। কালি ৰাজ্যসভাৰ সাংসদ ভি. শিৱদাসনৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে এই তথ্য দাঙি ধৰে। যোৱা পাঁচ বছৰত ইডিয়ে মানি লণ্ডাৰিং আইনৰ অধীনত মুঠ ৪,৬২২ টা গোচৰ পঞ্জীয়ন কৰিছে।
একে সময়ছোৱাতে কেৱল ৪৩ টা গোচৰতহে অপৰাধী দোষী সাব্যস্ত হৈছে। এই গোচৰসমূহৰ সৈতে জড়িত ১২৪৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২৪৪৪ টা গোচৰত আদালতত অৰ্পণ-পত্ৰ দাখিল কৰা হৈছে। উল্লেখ্য যে ২০২১-২২ বৰ্ষত ১১১৬ টা, ২০২২-২৩ বৰ্ষত ৯৫৩ টা, ২০২৩-২৪ বৰ্ষত ৬৯৮ টা, ২০২৪-২৫ বৰ্ষত ৭৭৫ টা আৰু ২০২৫-২৬ বৰ্ষত ১০৮০ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ইফালে, ২০২১-২২ ৰ পৰা ২০২৫-২৬ ৰ ভিতৰত আয়কৰ বিভাগে ২১২৭ টা গোচৰ ৰুজু কৰিছে।
২০২৫-২৬ বৰ্ষত ৪৩২ টা গোচৰ পঞ্জীয়ন হয় আৰু ৪৭ জন লোক দোষী সাব্যস্ত হোৱাৰ বিপৰীতে ২৯৩ জনে সকাহ পায়।মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে গোচৰ পঞ্জীয়ন আৰু দোষী সাব্যস্ত হোৱাৰ সংখ্যাৰ মাজত পোনপটীয়া সম্পৰ্ক নাথাকে, কাৰণ আইনী প্ৰক্ৰিয়া শেষ হ’বলৈ সময়ৰ প্ৰয়োজন হয়।
