ৰাজ্যত পুনৰ ৫৬১৩ জন কোৰোনাত আক্ৰান্ত, ৭৭ জনৰ মৃত্যু

59

ৰাজ্যত অব্যাহত আছে কোৰোনাৰ সংহাৰ। শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৫৬১৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰান্ত সকলৰ ৫৮০জন কামৰূপ মেট্ৰ’, ৫১৬জন কাছাৰ, ৩৫২জন ডিব্ৰুগড় আৰু ৩৩৮জন কামৰূপ গ্ৰাম্যত ধৰা পৰিছে।

ইফালে ৰাজ্যত বৰ্তমান কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০৩৬২৩ জনলৈ বৃদ্ধি পাইছে। শনিবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৩৯০৫জন লোক। আনহাতে, এই সময়ছোৱাত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৭৭জনে ৰোগীৰ মৃত্যু ঘটিছে। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ৫৪৯৪৮জন ৰোগী।