গৌৰীপুৰত হাস্পাতলৰ পৰা পলায়ন কোভিড ৰোগীৰ, চৌদিশে আতংকৰ সৃষ্টি

66

ধুবুৰী জিলাৰ গৌৰীপুৰত চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা এজন কোভিড ৰোগীৰ পলায়নৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। জানিব পৰা মতে, গৌৰীপুৰৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা গৌৰীপুৰ চহৰৰ ২নং ওৱাৰ্ডৰ বাসিন্দা জয়ৰত্ন দাস গুপ্তাই হাস্পতালৰ পৰা পলায়ন কৰে। ৪১ বৰ্ষীয় কোভিড আক্ৰান্ত ৰোগীজনে কিদৰে হাস্পতালৰ পৰা পলায়ন কৰিব পাৰিলে, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

একাংশই অভিযোগ কৰা অনুসৰি, হাস্পতালখনৰ চিকিৎসা কৰ্মী আৰু নাৰ্ছে দায়ত্বহীনভাৱে কোভিড ৰোগীজনক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে ৰোগীজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।