সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত প্ৰবঞ্চনা! মহানগৰীত মহিলাক আটক

117

গুৱাহাটীঃ দেওবাৰে মহানগৰীৰ ভঙাগড় আৰক্ষীয়ে এগৰাকী মহিলাক সুৰাৰ অনুমতি আৰু বিভিন্ন ঠিকা প্ৰদানৰ মিছা প্ৰতিশ্ৰুতি দি এজন পুৰুষক প্ৰবঞ্চনা কৰাৰ অভিযোগত আটক কৰে। 

চিৰিয়াখানা ৰোডৰ বাসিন্দা ৰাজীব বৰাই দাখিল কৰা অভিযোগৰ পিছত জয়া দাস নামৰ অভিযুক্ত মহিলাগৰাকীৰ আটক কৰে আৰক্ষীয়ে।

আৰক্ষীৰ ওচৰত ৰাজীৱ বৰাই দাখিল কৰা অভিযোগ অনুসৰি, জয়া দাসে সুৰাৰ অনুজ্ঞাপত্ৰ, ৰে’লৱে ঠিকা আৰু অন্যান্য একে ধৰণৰ সুযোগ লাভ কৰাৰ প্ৰতাৰণামূলক আশ্বাস দিছিল। 

এনে ভুৱা প্ৰতিশ্ৰুতিৰে অভিযোগকাৰীৰ পৰা ১ কোটি টকা দাবী কৰিছিল মহিলাগৰাকীয়ে।

অভিযোগ দাখিলৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে। 

ফলস্বৰূপে, দেওবাৰে সন্ধিয়া আৰক্ষীৰ এটা দলে সফলতাৰে জয়া দাসক আটক কৰে।  বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।